Top Ad unit 728 × 90

Breaking News

random

তথ্য জনাৰ অধিকাৰ আইন - ২০০৫


কেনেকৈ আৱেদন কৰিম?

তথ্য জনাৰ অধিকাৰ আইন - ২০০৫ অর্ন্তগতত তথ্যৰ অনুৰোধ

  • তথ্য জনাৰ অধিকাৰ আইন - ২০০৫ ৰ অর্ন্তগতত আপুনি যিকোনো ৰাজহুৱা প্রতিষ্ঠানৰ (চৰকাৰী প্রতিষ্ঠান বা চৰকাৰৰ সাহায্য প্রাপ্ত প্রতিষ্ঠান) ৰ পৰা তথ্য জানিব পাৰে।
  • দৰ্খাস্তখন হাতে লিখা বা টাইপ কৰা হব লাগে।
  • দৰ্খাস্তখন ইংৰাজী, হিন্দী বা যি কোনো এটা ৰাজ্যৰ ভাষাত লিখা হব লাগিব।
  • আপোনাৰ দৰ্খাস্তখনত তলত দিয়া তথ্যবিলাক থাকিব লাগেঃ
    • সহায়ক ৰাজহুৱা তথ্য আধিকাৰিক জনৰ নাম আৰু ঠিকনা
    • বিষয় : দৰ্খাস্তখন ধাৰা ৬ (১) অধীনত তথ্য জনাৰ অধিকাৰ আইন - ২০০৫ ত হ'ব লাগে।
    • ৰাজহুৱা আধিকাৰিকৰ পৰা আপুনি জানিব লগীয়া নির্দিষ্ট তথ্য খিনি
    • দৰ্খাস্তকাৰীৰ নাম
    • দেউতাকৰ / স্বামীৰ নাম
    • ভাগ - অনুসূচিত জাতী, অনুসূচিত জনজাতী/আন আন পিছুৱাই থকা সম্প্রদায়
    • দৰ্খাস্তখন ফীজ
    • আপুনি দৰিদ্র সীমাৰ তলত থকা পৰিয়ালৰ অর্ন্তগত- হয় / নহয়,
    • পোষ্টেল ঠিকনা লগতে মোবাইল নং আৰু ই-মেইল আই.ডি. (মোবাইল নং আৰু ই-মেইল আই.ডি. বাধ্যতামূলক নহয়)
    • তাৰিখ আৰু স্থান
    • দৰ্খাস্তকাৰীৰ চহী
    • লগত গাথি দিয়াৰ তালিকা
  • দৰ্খাস্ত কৰাৰ আগতে সহায়ক ৰাজহুৱা তথ্য আধিকাৰিকৰ/ৰাজহুৱা তথ্য আধিকাৰিক, নির্দিষ্ট ফীজ আৰু ফীজ আদায় কৰাৰ ধৰনটো ভালকৈ চাই লওক
  • তথ্য জনাৰ অধিকাৰ আইন ৰ অধীনত তথ্য জানিবৰ বাবে দৰ্খাস্তৰ ফীজ জমা দিয়াৰ উপায়, কিন্তু অনুসূচিত জাতী/অনুসূচিত জনজাতী আৰু দাৰিদ্র সীমাৰ তলত থকা মানুহৰ বাবে কোনো ফীজ নেলাগে।
  • যি সকলে ফীজৰ ৰেহাই বিচাৰে, তেওঁলোকে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু দাৰিদ্ৰ সীমাৰেখাৰ তলৰচার্টফিকেট দাখিল কৰিব লাগে।
  • দৰ্খাস্তখন নিজ হাতেৰে বা ডাক যোগে বা ই-মেইলৰ যোগে পঠিয়াব পাৰে। ডাক যোগে পঠিয়াবাৰ হলে মাথোন ৰেজিষ্টার্ড কৰিহে পঠাব। সদায় কুৰিয়াৰৰ যোগেদি নপঠিয়াব।
  • দৰ্খাস্তখনৰ দুখন (২) জেৰক্স কপি কৰিব (অর্থাৎ প্রধান দর্খাস্থ খন, ফীজ জমা দিয়াৰ প্রমাণ পত্র, নিজ হাতে বা ডাক যোগে জমা দিয়াৰ প্রমাণ পত্র) আৰু সাবধানে ৰাখিব লাগে, আগলৈ কোনো কাৰনত যোগাযোগ কৰিবলৈ হলে প্রয়োজন হব পাৰে।
  • যদি নিজ হাতে দৰ্খাস্তখন জমা দিছে, তেন্তে তাৰিখ আৰু অফিচৰ মোহৰ পৰিস্কাৰকৈ বুজিব পৰাকৈ ৰচিদখন লৈ লওক। ডাক যোগে পঠিয়ালে, ৰেজিষ্টার্ড কৰি পঠিয়াব, ডাকৰ ৰচিদ খন ভালকৈ ৰাখি থব লাগে।
  • তথ্যৰ যোগান দিয়াৰ সময়খিনি ৰাজহুৱা তথ্য আধিকাৰিকলৈ দৰ্খাস্তখন দিয়াৰ দিনৰ পৰাই ধৰিব লাগিব

তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত প্রথম দৰ্খাস্তখনৰ আবেদন জমা দিয়াৰ বাবে ইঙ্গিত

  • প্রথম খন আবেদন কেতিয়া কৰা হয়ঃ
    • যদি ৰাজহুৱা তথ্য আধিকাৰি্কজনে জানিব বিচৰা তথ্য নিদিয়ে আৰু আপুনাৰ দৰ্খাস্তখন বাতিল কৰি দিয়ে।
    • যদি ৰাজহুৱা কতৃপক্ষই বান্ধি দিয়া সময় ৩০ দিন বা ৪৮ ঘন্টাৰ ভিতৰত আপোনাক তথ্যৰ যোগান দিবলৈ অসমর্থ হয়।
    • যদি ৰাজহুৱা কতৃপক্ষই দৰ্খাস্তখন গ্রহণ কৰিবলৈ বা প্রয়োজ়নীয় তথ্যৰ যোগান দিবলৈ সহায়ক ৰাজহুৱা তথ্য আধিকাৰিক / ৰাজহুৱা তথ্য আধিকাৰিক জনক নিয়োগ কৰা নাই,
    • সহায়ক ৰাজহুৱা তথ্য আধিকাৰিক জনে আপুনাৰ দৰ্খাস্তখন গ্রহন কৰা নাই বা তথ্যৰ যোগান দিবলৈ মান্তি হোৱা নাই
    • ৰাজহুৱা তথ্য আধিকাৰিক জনৰ মতামতত আপুনি সন্তুষ্ট হোৱা নাই
    • যদি আপুনি ভাবে যে আপোনাক দিয়া তথ্যখিনি সম্পূর্ণ নহয় বা ঠিক নহয় বা ভুল,
    • যদি আপুনি ভাবে যে দর্খাস্থৰ বাবে বিচৰা ফীজটো তথ্যৰ অধিকাৰ আইন ২০০৫ মতে অযৌক্তিক

তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত দ্বিতীয় দৰ্খাস্তখনৰ আবেদন জমা দিয়াৰ বাবে ইঙ্গিত

  • দ্বিতীয় আবেদন খন কেতিয়া জমা দিয়া হয়ঃ
    • যদি আপুনি প্রথম এপিলেট অধিকাৰিকৰ মতামতত সন্তুষ্ট নহয়
    • যদি আপুনি ভাবে যে আপোনাক দিয়া তথ্যখিনি সম্পূর্ণ নহয় বা ঠিক নহয় বা ভুল,
    • যদি পাব্লিক ইনফৰমেচন অফিচা আৰু/ বা ফার্ষ্ট এপিলেট অথৰিটি জনে আপুনাৰ দৰ্খাস্তখন বাতিল কৰি দিয়ে
    • যদি এপিলেট অথৰিটিয়ে আপুনাক নির্দিষ্ট সময়ৰ ভিতৰত কোনো ধৰনৰ মতামত নিদিয়ে
    • যদি এচিছটেন্ট পাব্লিক ইনফৰমেচন অফিচাৰজনে আপুনাৰ দৰ্খাস্তখন গ্রহণ নকৰে বা পৰৱর্তী পর্যায়লৈ যেনে ৰাজ্য /চেন্ট্রাল পাব্লিক ইনফৰমেচন অফিচাৰলৈ বা ৰাজ্য/চেন্ট্রাল ইনফৰমেচন কমিচনলৈ পঠাবলৈ মান্তি নহয়
    • যদি আপুনি ভাবে যে তথ্যাৰ অধিকাৰ আইন, ২০০৫ ৰ অর্ন্তগতত পাব্লিক অথৰিটিয়ে দৰ্খাস্তখনৰ বাবে লোৱা ফীজটো ঠিক নহয়

আৰটিআই অভিযোগ বিলাক চি আই চি ত দাখিল কৰক



আবেদন (বিশেষকৈ দ্বিতীয় আবেদন) বা চেন্ট্রাল ইনফৰমেচন কমিচন (চি আই চি) ৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰি কিন্তু তাৰ বাবে আপুনি যিকোনো এটা চেন্ট্রাল ইনফৰমেচন প্রতিষ্ঠানৰ তথ্য জানিব লাগে।

আবেদনৰ প্র-পত্র



তথ্যৰ অনুৰোধৰ বাবে প্র-পত্র

ৰাজ্যিক তথ্য আয়োগৰ ঠিকনা




মুখ্য তথ্য আয়ুক্ত,
জনতা ভৱন, দিছপুৰ,
গুৱাহাটী - ৭৮১০০৬, অসম
ফোন নং: ০৩৬১ ২২৬১৬৭৬
ফেক্সঃ ০৩৬১ ২২৬১৯০০, ২২৬১৬৭৬
ই-মেইলঃ cic@sicassam.in ,scic-as@nic.in

তথ্য জনাৰ অধিকাৰৰ আইনৰ বিষয়ে সঘনাই সোধা কিছুমান প্রশ্ন



কেতিয়া এইটো কার্যকৰী হৈছিল?
এই আইনটো কার্যকৰী হৈছিল ১২ অক্টোবৰ, ২০০৫ (১৫ জুন ২০০৫ চন এই আইনটো প্রনয়ন হোৱাৰ পৰা ১২০ তম দিনটোত)।কিছুমান ব্যৱস্থা অৱশ্যে ইয়াৰ আগতেই কার্যকৰী হয় যেনেঃ ৰাজহুৱা কতৃপক্ষৰ পৰা আপত্তি [S.4(1)], [S.4(1)], ৰাজহুৱা তথ্য কমিচনৰ আধিকাৰিকৰ উপাধি আৰু সহকাৰী ৰাজহুৱা তথ্য কমিচনৰ আধিকাৰিকৰ [S.5(1) আৰু 5(2)], কেন্দ্রীয় তথ্য কমিচনৰ সংবিধান (S.12 আৰু 13), )], ৰাজ্য তথ্য কমিচনৰ সংবিধান (S.15 আৰু 16), গোয়েন্দা আৰু নিৰাপত্তাৰ প্রতিষ্ঠান বিলাকৰ ক্ষেত্রত দৰ্খাস্ত কৰিব পৰা নেযায় (S.24) আৰু আইনৰ (S.27 আৰু 28) ক পালন কৰিবলৈ ক্ষমতা প্রদান কৰা।
কোন বিলাক বিষয় ইয়াৰ অর্ন্তগত?
এই আইনটো গোটেই ভাৰতবর্ষত বিয়পি আছে কেৱল মাত্র জম্মু আৰু কাশ্মীৰৰ বাহিৰে [S.(12)]
তথ্য বুলিলে কি বুজা যায়?
তথ্য মানে যি কোনো বস্তু, যিকোনো অৱস্থাত, যেনে ৰেকর্ড, ডকুমেন্ট, মেমো, ই-মেইল, মতামত, উপদেশ, প্রেছ ৰিলিজ, চার্কুলাৰ, অর্ডাৰ, লগবুক, চুক্তি, ৰিপর্ট, কাগজ, চেম্পল, মডেল, যিকোনো বৈদ্যুতিন মাধ্যমৰ ডেটাৰ বস্তু আৰু তাৰ লগত সম্পর্কিত কোনো তথ্য ব্যক্তিগত ভাবে কোনোবাক দিলে যিটো কোনো ৰাজহুৱা কতৃপক্ষই প্রকাশ কৰিব পাৰে, কিন্তু এই বিলাকৰ ভিতৰত “ফাইলৰ টীকা বিলাক”[S.2(f)] নাথাকে।
তথ্য জনাৰ অধিকাৰৰ আইন বুলিলে কি বুজা ?
  • কাম, ডকুমেন্ট, ৰেকর্ড ইত্যাদি বিলাক চালিজাৰি চোৱা
  • টীকা লিখা, ডকুমেন্ট বা ৰেকর্ডৰ পৰা প্রত্যায়িত নকল কপি বিলাক বাছি উলিওৱা
  • বস্তুৰ প্রত্যায়িত নমুনা সংগ্রহ
  • প্রিন্ট বা ছপাৰ আকাৰে তথ্যবিলাক সংগ্রহ কৰা ডিক্সেট, ফ্লপি, টেপ, ভিডিও কেছেট বা আন যিকোনো বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বা ছপাৰ মাধ্যমৰ .[S.2(j)] জৰিয়তে তথ্য সংগ্রহ কৰা।

ৰাজ্য অনুযায়ী ফীজ জমা দিয়াৰ গঠন ব্যৱস্থা আৰু দর্খাস্থ কৰাৰ পদ্ধতি





আন্দামান আৰু নিকোবৰ
আপুনি সফলতাৰে RTI দৰ্খাস্তখনৰ নমুনা এটা তৈয়াৰ কৰি লৈছে। দৰ্খাস্তখন প্রয়োজনীয় ফীজৰ সৈতে তলত দিয়া উপায়ে জমা দিব পাৰেঃ

  • ডাক যোগেঃ ৰাজহুৱা কতৃপক্ষৰ একাউন্টচ অফিচাৰৰ নামত টকা ২৫/- ৰ এটা ডিমাণ্ড ড্রাফট/বেঙ্কার্চ চেক তৈয়াৰ কৰি, দৰ্খাস্তখন নির্দিষ্ট PIO ৰ ওচৰত জমা দিয়ক।
  • ব্যক্তিগত ভাবেঃ PIO ৰ অফিচলৈ বিজে গৈ (বা আন কৰোবাক পঠিয়াই) নির্দিষ্ট ফীজৰ সৈতে আপুনাৰ দৰ্খাস্তখন জমা দিব পাৰে।


উৎস: অসম তথ্য আয়োগ, গুৱাহাটী
তথ্য জনাৰ অধিকাৰ আইন - ২০০৫ Reviewed by Mypaisa on August 21, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.