Top Ad unit 728 × 90

Breaking News

random

জিএছটি ত পঞ্জীয়ন GST Registration

জিএছটি ত পঞ্জীয়ন কৰোৱাৰ সুবিধা কি ? 
Benefits of GST Registration
উত্তৰ: পণ্য-সামগ্ৰী আৰু সেৱা কৰৰ অধীনত পঞ্জীয়ন কৰালে কোনো লোকে ব্যৱসায়ৰ ক্ষেত্ৰত নিম্নোল্লিখিত সুবিধাসমূহ লাভ কৰিব:

  • পণ্য-সামগ্ৰী অথবা সেৱাৰ যোগনীয়াৰ হিচাপে আইনগতভাৱে স্বীকৃত হ’ব।
  • আহৰিত পণ্য-সামগ্ৰী বা সেৱাৰ ক্ষেত্ৰত কৰাৰ সথিক হিচাপ কৰিব পাৰিব, যিটো পণ্য-সামগ্ৰী বা সেৱাৰ যোগানৰ ক্ষেত্ৰত বা জি এছ টি পৰিশোধ কৰোতে বা দুয়োটা ব্যৱসায়তে প্রয়োগ কৰিব পাৰিব।
  • তেওঁৰ ক্রেতাৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ আৰু ক্রেতা বা গ্রহণ কৰোতাক যোগান ধৰা পণ্য সামগ্ৰী অথবা সেৱাৰ বাবত পৰিশোধ কৰা কৰাৰ নিৰিখ ঠেলি পঠিয়াব পাৰিব।
  • জি এছ টি আইনৰ অধীনত অন্য বিভিন্ন মুনাফা আৰু সুবিধা পাবলৈ সমর্থ হ’ব।

জিএছটি ত পঞ্জীয়ন নোহোৱাকৈ এজন লোকে আই টি চি দাবী কৰিব আৰু কৰ সংগ্ৰহ কৰিব পাৰেনে?
উত্তৰ: নোৱাৰে, এজন লোকে জি এছ টি পঞ্জীয়ন নোহোৱাকৈ তেওঁৰ গ্ৰাহকৰ পৰা জি এছ টি সংগ্ৰহ কৰিবও নোৱাৰে আৰু তেওঁ পৰিশোধ কৰা জি এছ টিৰ যিকোনো input tax credit দাবী কৰিব নোৱাৰে।
পঞ্জীয়নৰ কাৰ্যকাৰিতাৰ তাৰিখ কি হ’ব ?
উত্তৰঃ যি তাৰিখত এজন লোক পঞ্জীয়নৰ বাবে যোগ্য হয়, সেই তাৰিখৰ পৰা ত্রিশ দিনৰ ভিতৰত পঞ্জীয়নৰ বাবে আবেদন দাখিল কৰিলে, পঞ্জীয়নৰ কাৰ্যকাৰিতাৰ তাৰিখ হ’ব তেওঁৰ পঞ্জীয়নৰ বাবে দায়ৱদ্ধতাৰ তাৰিখ। আনহাতে, আইনখনৰ অনুচ্ছেদ ২৩ অনুসৰি, জি এছ টি আইনৰ অধীনত নিজৰ কৃষিজাত সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত একোজন কৃষকৰ লগতে কৰযোগ্য নোহোৱা সামগ্ৰী যোগান ধৰা বা সম্পূৰ্ণৰূপে ৰেহাই দিয়া সামগ্ৰী আৰু / অথবা সেৱাৰ যোগান ধৰা লোক পঞ্জীভুক্ত হ’বলৈ বাধ্য নহয়।
আৰ্হি জি এছ টি আইন বা(MGL)অধীনত পঞ্জীয়ন গ্ৰহণ কৰিবৰ বাবে কোনসকল লোক যোগ্য?

উত্তৰ: চি জি এছ টি/এছ জি এছ টি আইন ২০১৭ৰ অনুচ্ছেদ ২২ অনুসৰি একোটা কৰযোগ্য যোগান সম্পন কৰা অৰ্থাৎ জি এছ টি আইনৰ অধীনত মাচুল আৰোপিত সামগ্ৰী অথবা সেৱাৰ কৰযোগ্য যোগান ধৰা প্ৰতিজন যোগানীয়াৰ আৰু তেওঁৰ একোটা বৃত্তীয় বৰ্ষত সৰ্বমূঠ বাৰ্ষিক উপাৰ্জনৰ অন্তিম সীমা ২০ লাখ টকা অতিক্ৰম কৰিলে তেওঁ য'ৰ পৰা কৰযোগ্য যোগান সম্পন্ন কৰে সেই ৰাজ্যত অথবা দিল্লী বা কেন্দ্ৰীয় শাসিত অঞ্চলত নিজকে পঞ্জীভুক্ত কৰিব লাগিব। ১১ খন বিশেষ শাখাৰ ৰাজ্যৰ ক্ষেত্ৰত(ভাৰতৰ সংবিধানৰ দফা ২৭৯এ (৪) (জি) উল্লেখ কৰা মতে) পঞ্জীভুক্ত হ'বৰ বাবে এনে অন্তিম সীমা হৈছে ১০ লাখ টকা।
তদুপৰি আইনখনৰ অনুচ্ছেদ ২৪ত কেতবোৰ বিশেষ শাখাৰ যোগানৰ বিষয়ে উল্লেখ কৰা হৈছে। যি উল্লেখিত ২০ লাখ টকাৰ অন্তিম সীমাৰ তলত বাৰ্ষিক উপাৰ্জন কৰিলেও পঞ্জীয়ন ল'ব লাগিব।
আনহাতে, আইনখনৰ অনুচ্ছেদ ২৩ অনুসৰি জি এছ টি আইনৰ অধীনত নিজৰ কৃষিজাত সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত একোজন কৃষকৰ লগতে কৰযোগ্য নোহোৱা সামগ্ৰী যোগান ধৰা বা সম্পূৰ্ণৰূপে ৰেহাই দিয়া সামগ্ৰী আৰু সেৱাৰ যোগান ধৰা লোক পঞ্জীভুক্ত হ'বলৈ বাধ্য নহয়।
সৰ্বমুঠ উপাৰ্জন (aggregate turnover)কি?

উত্তৰ: এম জি এলৰ অনুচ্ছেদ ২(৬) অনুসৰি সৰ্বমুঠ উপার্জনত তলত উল্লেখ কৰাবিলাকৰ সৰ্বমুঠ মূল্য অন্তৰ্ভুক্ত থাকে:
(১) সকলো কৰযোগ্য আৰু কৰ-বহির্ভূত যোগান।
(২) কর্তন (exempt) যোগান, আৰু
(৩) একে PAN থকা লোকৰ পণ্য-সামগ্ৰী আৰু/অথবা সেৱাৰ যোগান।
ওপৰত উল্লেখ কৰাবিলাক সর্বভাৰতীয় ভিত্তিত গণনা কৰা হ’ব আৰু চি জি এছ টি আইন, এছ জি এছ টি আইন আৰু আই জি এছ টি আইনৰ অধীনত আৰোপিত কৰ বাদ দিয়া হ'ব। কৰযোগ্য লোকজনে সম্পন্ন কৰা সকলো যোগান মুঠ বার্ষিক উপার্জনতঅন্তৰ্ভুক্ত হ’ব, সেয়া তেওঁৰ নিজা হিচাপত কৰা হওক বা তেওঁৰ প্ৰধানসকলৰ জৰিয়তে কৰা হওক।সর্বমুঠ উপার্জনত সেইবিলাক যোগানৰ মূল্য অন্তৰ্ভুক্ত কৰা নহয় যিবিলাকৰ ওপৰত বিপৰীত মাচুলৰ ভিত্তিত কৰ আৰোপিত হয়, আৰু ভিতৰুৱা যোগানৰ মূল্য অন্তৰ্ভুক্ত নহয়।ঠিক কাম সম্পূর্ণ কৰাৰ পিছত সামগ্ৰীৰ মূল্য ঠিক-কমীৰ বার্ষিক উপার্জনত অন্তৰ্ভুক্ত নহ’ব। ইয়াক প্রধানজনে যোগান ধৰা সামগ্ৰী হিচাপে গণ্য কৰা হ’ব আৰু সেই মতে প্রধানজনৰ বার্ষিক উপার্জনত অন্তৰ্ভুক্ত হ’ব।
কোনবোৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক ?
উত্তৰ: চি জি এছ টি/ এছ জি এছ টি আইনৰ অনুচ্ছেদ ২৪ অনুসৰি নিম্নোল্লিখিত শাখাৰ লোকসকল তেওঁলোকৰ অন্তিম সীমা নির্বিশেষে বাধ্যতামূলকভাৱে পঞ্জীভুক্ত হ’ব লাগিব;
ক) আন্তঃৰাজ্যিক কৰযোগ্য যোগান সম্পন্ন কৰা লোক;
খ) আকস্মিক কৰযোগ্য লোক;
গ) বিপৰীত মাচুলৰ অধীনত কৰ পৰিশোধ কৰিবলগীয়া লোক;
ঘ) অনুচ্ছেদ ৯ৰ উপ-অনুচ্ছেদ (৫)ৰ অধীনত ইলেক্ট্রনিক কমার্চ অপাৰেটৰসকলে কৰ পৰিশোধ কৰিব লাগে;
ঙ) অনাআবাসিক কৰযোগ্য লোক; অনুচ্ছেদ ৫১ ৰ অধীনত কৰ কর্তন কৰিব লগা লোক;
চ) এজন এজেণ্ট হিচাপে বা অন্য ধৰণে আন পঞ্জীভুক্ত কৰযোগ্য লোকৰ হৈ পণ্য-সামগ্ৰী আৰু/অথবা সেৱাৰ যোগান ধৰা লোক;
ছ) ইনপুট সেৱাৰ বিতৰক (আইনখনৰ অধীনত বা পৃথকে পঞ্জীভুক্ত নোহোৱা);
জ) অনুচ্ছেদ ৫২ ৰ অধীনত কৰ সংগ্ৰহ কৰিব লগা লোক;
ঝ) প্রতিজন বৈদ্যুতিন বাণিজ্য পৰিচালক,
ঞ) ভাৰতৰ বাহিৰৰ পৰা ভাৰতত থকা লোকক অনলাইন তথ্য আৰু ডাটা বেছ ৰিট্রিয়েভেল সেৱাৰ যোগান ধৰা প্ৰতিজন লোক; পঞ্জীভুক্ত লোক যদি নহয় ; আৰু
ট) পৰিষদৰ পৰামৰ্শাৱলীৰ ভিত্তিত কেন্দ্রীয় চৰকাৰ বা একোখন ৰাজ্য চৰকাৰে জাননী জাৰি কৰা এনে অন্য লোক বা লোকৰ শ্রেণী।
জি এছ টিৰ অধীনত এটা পঞ্জীয়ন ল’বৰ বাবে সময় সীমা কি ?
উত্তৰ: পঞ্জীয়ন নিয়মাৱলীত উল্লেখ থকা ব্যৱস্থাৱলী মতে নির্ধাৰিত ধৰণ আৰু চর্তাৱলী অনুসৰি যিকোনো লোকে পঞ্জীয়ন কৰোৱাৰ যোগ্য হোৱাৰ তাৰিখৰ পৰা ত্ৰিশ দিনৰ ভিতৰত একোটা পঞ্জীয়ন গ্রহণ কৰিব লাগে। একোজন অস্থায়ী কৰযোগ্য লোক আৰু একোজন অনা-আবাসিক কৰযোগ্য লোকে ব্যৱসায় আৰম্ভ কৰাৰ কমেও পাঁচ দিনৰ আগতে পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগে।
যদি এজন লোকে একে পান নম্বৰেৰে বেলেগ বেলেগ ৰাজ্যত কাম কৰি থাকে, তেতিয়া তেওঁ এটা মার্থেী পঞ্জীয়নেৰে কাম কৰিব পাৰেনে ?
উত্তৰ: নোৱাৰে, একোটা পঞ্জীয়ন গ্রহণ কৰিবলৈ যোগ্য প্রতিজন লোক তেওঁৰ ব্যৱসায়িক কাম-কাজ থকা প্ৰতিখন ৰাজ্যত সুকীয়া সুকীয়াকৈ পঞ্জীভুক্ত হ’ব লাগিব আৰু চি জি এছ টি/ এছ জি এছ টি আইনৰ অনুচ্ছেদ ২২ৰ উপ-অনুচ্ছেদ (১) অনুসৰি জি এছ টি পৰিশোধ কৰিব লাগিব।
এখন ৰাজ্যত এজন লোকৰ কেইবাটাও সমান্তৰাল ব্যৱসায় থাকিলে তেওঁ পৃথক পৃথক পঞ্জীয়ন পাব পাৰেনে ?
উত্তৰ: হয়, অনুচ্ছেদ ২৫ৰ উপ-অনুচ্ছেদ (২) অনুসৰি এখন ৰাজ্যত কেইবাটাও সমান্তৰাল ব্যৱসায় থকা এজন লোকে চর্তাৱলী সাপেক্ষে প্ৰতিটো ব্যৱসায়ৰ বাবে একোটা পৃথক পঞ্জীয়ন আহৰণ কৰিব পাৰে।
একোজন লোক জি এছ টি পৰিশোধৰ বাবে যোগ্য নোহোৱাকৈ স্বেচ্ছাই পঞ্জীভুক্ত হোৱাৰ ব্যৱস্থা আছেনে ?
উত্তৰ: হয়, অনুচ্ছেদ ২৫ৰ উপ-অনুচ্ছেদ (৩) অনুসৰি, একোজন লোক যদিও তেওঁ অনুচ্ছেদ ২২ৰ অধীনত পঞ্জীভুক্ত হ’বলৈ অৰ্হতাসম্পন্ন নহয়, তথাপি স্বেচ্ছা নিজকে পঞ্জীভুক্ত কৰাব পাৰে, আৰু এজন পঞ্জীভুক্ত কৰযোগ্য লোকৰ ক্ষেত্ৰত প্রযোগ্য হোৱা এই আইনৰ ব্যৱস্থাৱলী তেওঁৰ ক্ষেত্ৰতো প্রযোগ্য হ’ব।
পঞ্জীয়ন লাভ কৰিবলৈ এটা ‘পার্মানেন্ট একাউণ্ট নাম্বাৰ’ (PAN) থকাটো বাধ্যতামূলকনে?
উত্তৰ: হয়, চি জি এছ টি/ এছ জি এছ টি আইনৰ অনুচ্ছেদ ২৫(৬) অনুসৰি পঞ্জীয়নৰ বাবে মঞ্জুৰী লাভ কৰিবলৈ প্ৰতিজন লোকৰ আয় কৰ আইন ১৯৬১ (১৯৬১ৰ ৪৩)ৰ অধীনত জাৰি কৰা এটা PAN থাকিব লাগিব। অৱশ্যে, ওপৰত উল্লিখিত অনুচ্ছেদ ২৫(৬) অনুসৰি, একোজন লোকে অনুচ্ছেদ ৫১ ৰ অধীনত কৰ কর্তন কৰিব লাগিব, তেতিয়া, একোটা PAN ৰ ক্ষেত্ৰত, কৰ কর্তন আৰু সংগ্ৰহৰ একাউণ্ট নম্বৰ উল্লিখিত আয়কৰ আইনৰ অধীনত জাৰি কৰিব পাৰে, তেনে ক্ষেত্ৰত পঞ্জীয়নৰ বাবে অৰ্হতাসম্পন্ন হ’ব।লগতে, অনুচ্ছেদ ২৫(৭) অনুসৰি একোজন অনা-আবাসিক কৰযোগ্য ব্যক্তিৰ ক্ষেত্ৰত PAN বাধ্যতামূলক নহয়, যাক অন্য কোনো নির্ধাৰিত নথি-পত্ৰৰ আধাৰত পঞ্জীয়ন মঞ্জুৰ কৰিব পাৰে।
এই আইনৰ অধীনত ন্যায্য বিষয়াৰ জৰিয়তে বিভাগে একোজন লোকৰ পঞ্জীয়নৰ বাবে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিব পাৰেনে ?
উত্তৰ: হয়, অনুচ্ছেদ ২৫ৰ উপ-অনুচ্ছেদ (৮) অনুসৰি, এই আইনৰ অধীনত পঞ্জীভুক্ত হ’বলৈ যোগ্যতাসম্পন্ন কোনো লোক পঞ্জীয়ন লাভত ব্যর্থ হ’লে ন্যায্য বিষয়াই ভ্ৰান্ত ধাৰণাৰহিত পদক্ষেপৰ জৰিয়তে বা MGLৰ অধীনত পদক্ষেপ গ্ৰহণ কৰি বা সেই সময়ত বলৱৎ হৈ থকা আন যিকোনো আইনৰ অধীনত নির্ধাৰিত ধৰণেৰে এনে লোকৰ পঞ্জীয়নৰ বাবে আগবাঢ়িব পাৰে।
পঞ্জীয়নৰ বাবে কৰা একোখন আবেদন ন্যায্য বিষয়াজনে নাকচ কৰিব পাৰেনে ?
উত্তৰঃ হয়, চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ২৫ৰ উপ-অনুচ্ছেদ ১০ অনুসৰি যাৱতীয় পৰীক্ষা কৰাৰ পিছত পঞ্জীয়নৰ বাবে কৰা একোখন আবেদন ন্যায্যবিষয়াজনে নাকচ কৰিব পাৰে।
যিকোনো লোকক মঞ্জুৰ কৰা পঞ্জীয়ন স্থায়ীনে ?
উত্তৰ: হয়, সমর্পণ, বাতিল, স্থগিত নকৰা বা ওভতাই নানা পর্যন্ত এবাৰ মঞ্জুৰীকৃত পঞ্জীয়ন প্রমাণ পত্ৰ স্থায়ী।
জি এছ টিৰ অধীনত পঞ্জীয়ন পোৱাটো ৰাষ্ট্ৰসংঘৰ সমিতিসমূহৰ বাবে আৱশ্যকনে ?
উত্তৰ: চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২৫(৯) অনুসৰি ৰাষ্ট্ৰসংঘৰ সমিতিসমূহৰ সকলো “কনছুলেট” (consulate) বা বিদেশী ৰাষ্ট্ৰৰ দূতাবাস আৰু জাননীকৃত আন যিকোনো লোকৰ শ্রেণীয়ে জি এছ টি প’ৰ্টেলৰ পৰা একোটা একক পৰিচয় নম্বৰ (UIN) আহৰণ কৰিব লাগে। উল্লিখিত আই ডিৰ গাঁথনি GSTIN গাঁথনিৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যসমূহত একেটাই হ’ব আৰু ই কেন্দ্ৰ তথা ৰাজ্যসমূহৰ ক্ষেত্ৰতো একে হ’ব। তেওঁলোকে পৰিশোধ কৰা কৰ ওলোটাই পাবলৈ দাবী কৰোতে আৰু জি এছ টি নিয়মাৱলী অনুসৰি আন যিকোনো উদ্দেশ্যত এই UINৰ প্রয়োজন হ’ব।
ৰাষ্ট্ৰসংঘৰ সমিতিসমূহলৈ যোগান ধৰি থকা কৰযোগ্য লোকৰ দায়বদ্ধতা কি ?
উত্তৰঃ এই সংস্থাসমূহলৈ যোগান ধৰি থকা কৰযোগ্য যোগনীয়াৰে চালানবিলাকত UIN উল্লেখ কৰিব বুলি আশা কৰা হৈছে আৰু এনে যোগানক অন্য এজন পঞ্জীভুক্ত লোকলৈ কৰা যোগান (B 2 B) হিচাপে গণ্য কৰাৰ লগতে ইয়াৰ চালানবিলাক যোগনীয়াৰে আপলোড কৰিব লাগিব।
পঞ্জীয়ন আহৰণ কৰাটো চৰকাৰী সংস্থাৰ ক্ষেত্ৰত আৱশ্যকনে ?
উত্তৰ: জি এছ টি পণ্য-সামগ্ৰী বাহিৰলৈ যোগান নধৰা অথচ আন্তঃৰাজ্যিক ক্ৰয় সম্পন্ন কৰি থকা চৰকাৰী কর্তৃপক্ষ/পি এছ ইউক জি এছ টি পৰ্টেলৰ জৰিয়তেসংশ্লিষ্ট ৰাজ্যিক কৰ কর্তৃপক্ষসমূহে একোটা একক পৰিচয় জ্ঞাপক নম্বৰ (Unique Identification Number) (ID) দিব(আৰু জি এছ টি পঞ্জীয়ন পাবলৈ অৰ্হতাসম্পন্ন নহ’ব)।
অস্থায়ী কৰযোগ্য লোক কোন ?
উত্তৰ: চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২(২০) অনুসৰি অস্থায়ী কৰযোগ্য লোকৰ সংজ্ঞা নিৰূপণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে এনে লোক যি সামগ্ৰী আৰু অথবা সেৱাৰ যোগানৰ ক্ষেত্ৰত ব্যৱসায়ৰ পৰিক্ৰমাত বিভিন্ন লেনদেন কৰে, সেয়া তেওঁ এজন প্রধান বা প্রতিনিধি (এজেণ্ট) বা অন্য যিকোনো সামর্থ্যৰে সমাপণ কৰিব পাৰে, সেয়া একোখন ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলত কৰিব পাৰে, য’ত তেওঁৰ ব্যৱসায়ৰ স্থায়ী স্থান নাথাকে।
অনা-আবাসিক কৰযোগ্য লোক কোন ?
উত্তৰ: চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২(৭৭) অনুসৰি, এজন অনা-আবাসিক কৰযোগ্য ব্যক্তি মানে হৈছে এনে কোনো লোক যি সামগ্ৰী আৰু অথবা সেৱাৰ যোগানৰ ক্ষেত্ৰত ব্যৱসায়ৰ পৰিক্ৰমাত বিভিন্ন লেনদেন কৰে, সেয়া তেওঁ এজন প্রধান বা প্রতিনিধি (এজেণ্ট) বা অন্য যিকোনো সামর্থ্যৰে সমাপণ কৰিব পাৰে, কিন্তু ভাৰতত যাৰ ব্যৱসায়ৰ স্থায়ী স্থান অথবা আবাস নাই।
এজন অস্থায়ী কৰযোগ্য লোক আৰু অনা-আবাসিক কৰযোগ্য লোকক জাৰি কৰা পঞ্জীয়ন প্রমাণ পত্ৰৰ ম্যাদি কি ?
উত্তৰঃ অনুচ্ছেদ ২৭(১) অনুসৰি এই সম্পৰ্কত উত্থাপন কৰা ব্যৱস্থা মতে একোজন “অস্থায়ী কৰযোগ্য লোক” বা ‘একোজন অনা-আবাসিক কৰযোগ্য লোক’ক প্রদান কৰা পঞ্জীয়ন প্ৰমাণপত্ৰৰ ম্যাদ আবেদনত উল্লেখ কৰা ধৰণে হ'ব বা পঞ্জীয়ন কার্যকৰী হোৱাৰ তাৰিখৰ পৰা নব্বৈ দিনৰ বাবে বৈধ হ’ব, যিটোৱেই আগতীয়া হয়। অৱশ্যে, ন্যায্য বিষয়াজনে, উল্লিখিত কৰযোগ্য লোকজনৰ অনুৰোধ মৰ্মে, পৰৱতী নব্বৈ দিনৰসময়সীমা অতিক্ৰম নকৰাকৈ পূৰ্বৰ ৯০ (নব্বৈ) দিনৰ ম্যাদ বৃদ্ধি কৰিব পাৰে।
এই বিশেষ শাখাৰ অধীনত পঞ্জীয়ন আহৰণ কৰাৰ সময়ত একোজন অস্থায়ী কৰযোগ্য লোক আৰু অনা-আবাসিক কৰযোগ্য লোকে কিবা আগতীয়া কৰ পৰিশোধ কৰিব লাগে নেকি ?
উত্তৰ: হয়, যেতিয়া এজন সাধাৰণ কৰযোগ্যলোকে পঞ্জীয়ন পাবলৈ কোনোধৰণৰ ধন জমা কৰিবলগীয়া নহয়, তেতিয়া এজন অস্থায়ী কৰযোগ্য লোকে বা অনা-আবাসিক কৰযোগ্য লোকে, অনুচ্ছেদ ২৭(২)ৰ উল্লিখিত ব্যৱস্থা অনুসৰি, পঞ্জীয়নৰ বাবে আবেদন দাখিল কৰাৰ সময়ত যিখিনি সময়ৰ বাবে পঞ্জীয়ন বিচৰা হৈছে সেইখিনি সময়ৰ তেনে লোকৰ দিবলগীয়া কৰাৰ সম পৰিমাণৰ কৰ আগতীয়াকৈ জমা দিব লাগিব। যদি প্ৰাৰম্ভিক নব্বৈ দিনৰ সময়সীমাতকৈ পঞ্জীয়ন অধিক প্ৰসাৰিত কৰা হয়, তেনে ক্ষেত্ৰত দিবলগীয়া নিৰ্দ্ধাৰিত কৰাৰ সম পৰিমাণৰ অতিৰিক্ত কৰা উক্ত নব্বৈ আগতীয়াকৈ জমা দিব লাগিব।
পঞ্জীয়ন প্রমাণপত্ৰৰ সংশোধনী অনুমতিযোগ্যনে ?
উত্তৰ: হয়, অনুচ্ছেদ ২৮ অনুসৰি, ন্যায্য বিষয়াজনে পঞ্জীয়নকাৰীয়ে দাখিল কৰা এনে তথ্যৰ ভিত্তিত বা তেওঁ নিজে কৰা নিৰূপণ অনুসৰি, সেই ধৰণে আৰু নিদ্ধাৰিত এনে সময়ৰ ভিতৰত পঞ্জীয়ন সবিশেষ অনুমোদন বা নাকচ কৰিব পাৰিব। মন কৰিবলগীয়া যে সংশোধন কৰিবৰ বাবে ন্যায্য বিষয়াৰ অনুমতি কেৱল তথ্যৰ নির্দিষ্ট আভ্যন্তৰীণ ক্ষেত্ৰৰ বাবেহে আৱশ্যক, অন্য ক্ষেত্ৰসমূহৰ বাবে পঞ্জীয়নকাৰীয়ে নিজে সংশোধন কৰিব পাৰে।মন কৰিবলগীয়া যে সংশোধন কৰিবৰ বাবে ন্যায্য বিষয়াৰ অনুমতি তথ্যৰ কেতবোৰ নির্দিষ্ট ক্ষেত্ৰতহে আৱশ্যক হ’ব, অন্য ক্ষেত্ৰসমূহত জি এছ টি উমৈহতীয়া প’ৰ্টেলআবেদন দাখিল কৰিলে পঞ্জীয়নৰ প্ৰমাণপত্ৰ সংশোধিত হ’ব।
পঞ্জীয়ন প্ৰমাণপত্ৰৰ বাতিলকৰণ অনুমতিযোগ্যনে?
উত্তৰ: হয়, এই আইনৰ অধীনত মঞ্জুৰ কৰা যিকোনো পঞ্জীয়ন চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২৯ত উল্লিখিত পৰিস্থিতিত ন্যায্য বিষয়াজনে বাতিল কৰিব পাৰে। ন্যায্য বিষয়াজনে তেওঁৰ নিজাববীয়া পদক্ষেপেৰে বা নির্ধাৰিত ধৰণে পঞ্জীভুক্ত কৰযোগ্য লোকজনে বা তেওঁৰ আইনগত উত্তৰাধিকাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত, এনে লোকৰ মৃত্যু হ’লে, নিদ্ধাৰিত এনে ধৰণে আৰু এনে সময়ছোৱাৰ ভিতৰত পঞ্জীয়ন বাতিল কৰিব পাৰে। পঞ্জীয়ন নিয়মাৱলী অনুসৰি, এছ চি এনলৈ দিয়া প্রত্যুত্তৰ গ্ৰহণৰ তাৰিখৰ পৰা (যি ক্ষেত্ৰত বাতিলকৰণৰ বাবে ন্যায্য বিষয়াজনে প্রমাণভিত্তিক তদন্ত (Suo-moto) কৰিবলগীয়া হয়) বা বাতিলকৰণৰ বাবে জনোৱা আবেদন গ্ৰহণৰ তাৰিখৰ পৰা (যি ক্ষেত্ৰত কৰযোগ্য লোকজনে/ আইনগত উত্তৰাধিকাৰীয়ে এনে বাতিলকৰণৰ বাবে আবেদন জনায়) ৩০ (ত্ৰিশ) দিনৰ ভিতৰত নির্দেশ জাৰি কৰিব লাগে।
চি জি এছ টি আইনৰ অধীনস্থ পঞ্জীয়ন বাতিল হোৱা মানে এছ জি এছ টি আইনৰ অধীনস্থ পঞ্জীয়নো বাতিল হোৱা বুজায়নে?
উত্তৰ: হয়, এখন আইন (ধৰা হ’ল চি জি এছ টি আইন)ৰ অধীনস্থ পঞ্জীয়ন বাতিল হ’লে আনখন আইনৰ অধীনস্থ (অর্থাৎ এছ জি এছ টি আইন) পঞ্জীয়নো বাতিল হোৱা বুজায়। [অনুচ্ছেদ ২৯ (৪)]
ন্যায্য বিষয়াজনে নিজাববীয়াকৈ পঞ্জীয়ন বাতিল কৰিব পাৰেনে?
উত্তৰ: হয়, চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২৯(২) ৰ অধীনত নির্দিষ্ট কৰি দিয়া কেতবোৰ পৰিস্থিতিত, ন্যায্য বিষয়াজনে নিজাববীয়াকৈ পঞ্জীয়ন বাতিল কৰিব পাৰে। এনে পৰিস্থিতিৰ ভিতৰত আছে চি জি এছ টি আইনৰ উল্লিখিত বিধিৰ যিকোনো এটাৰ বা তাৰ অধীনৰ যিকোনো নিয়মাৱলী উলংঘন, কোনো সংযোগব্যৱসায়ী (composition dealer)য়ে একেৰাহে তিনি মাহৰ কৰ সময়ত বার্ষিক উপাৰ্জনৰ তালিকা দাখিল নকৰিলে বা কোনো নিয়মীয়া কৰদাতাই একেৰাহে ছমাহৰ বাবে বার্ষিক উপাৰ্জনৰ তালিকা দাখিল নকৰিলে, আৰু স্বেচ্ছামূলক পঞ্জীয়নৰ তাৰিখৰ পৰা ছমাহৰ ভিতৰত ব্যৱসায় আৰম্ভ নকৰিলে। অৱশ্যে, পঞ্জীয়ন বাতিল কৰাৰ পূর্বে ন্যায্য বিষয়াজনে প্রাকৃতিক ন্যায় মানি চলিব লাগে। [অনুচ্ছেদ ২৯ (২) (ই)]
ইচ্ছাকৃত ভুল মন্তব্যৰে প্ৰৱঞ্চনা বা সত্যক ঢাকি ৰাখি পঞ্জীয়ন আহৰণ কৰিলে কি হ’ব ?
উত্তৰ: এনে ক্ষেত্ৰত, ন্যায্য বিষয়াজনৰ দ্বাৰা অতীতদর্শী প্ৰভাৱসহ পঞ্জীয়ন বাতিল হ’ব পাৰে। [অনুচ্ছেদ ২৯ (২) (ই)]
জি এছ টি আইনৰ অধীনত সেৱাৰ বাবে কেন্দ্রীয়কৃত পঞ্জীয়ন লোৱাৰ সুবিধা আছেনে?
উত্তৰ: নাই, কৰদাতাই প্ৰতিখন ৰাজ্যতে পৃথক পঞ্জীয়ন ল’ব লাগিব, য’ত তেওঁ কৰযোগ্য যোগান সম্পন্ন কৰে।
যদি কৰদাতাজনৰ এখন ৰাজ্যত পৃথক পৃথক সমান্তৰাল ব্যৱসায় থাকে, তেতিয়া তেওঁ এনে প্ৰতিটো সমান্তৰাল ব্যৱসায়ৰ বাবে পৃথক পঞ্জীয়ন ল’ব লাগিবনে?
উত্তৰ: নালাগে। অৱশ্যে চি জি এছ টি আইন, ২০১৭ ৰ অনুচ্ছেদ ২৫ (২) অনুসৰি এনে ধৰণৰ পৃথক ব্যৱসায় পঞ্জীয়ন কৰাৰ সুযোগ কৰদাতাজনৰ আছে।
ISD কোন?
উত্তৰ: ISD ৰ অৰ্থ হৈছে input Service Distributor অৰ্থাৎ আভ্যন্তৰীণ সেৱাৰ বিতৰক আৰু ইয়াৰ সংজ্ঞা চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২ (৬১)ৰ অধীনত দিয়া আছে। ই প্রাথমিকভাৱে কার্যালয়ৰ এই অর্থসূচায়—আভ্যন্তৰীণসেৱা বা Input service গ্রহণ কৰা বুজাবলৈ কৰৰ চালান গ্রহণ কৰা আৰু পৰৱৰ্তপর্যায়ত অংশ হিচাপত তাৰ নিৰিখ (credit) যোগনীয়াৰক বিতৰণ কৰা (একে PAN থকা)।
বর্তমানৰ কৰদাতাৰ পঞ্জীয়ন থকাৰ উপৰি আই এছ ডিয়ে পৃথকে পঞ্জীভুক্ত হ’ব লাগেনে ?
উত্তৰ: হয়, আই এছ ডি পঞ্জীয়ন কৰদাতাৰ এটা কার্যালয়ৰ বাবে যিটো সাধাৰণ পঞ্জীয়নৰ পৰা পৃথক।
এজন কৰদাতাৰ একাধিক আই এছ ডি থাকিব পাৰেনে ?
উত্তৰঃ হয়, একোজন কৰদাতাৰ বিভিন্ন কার্যালয়ে (কাম-কাজ) আই এছ ডি পঞ্জীয়নৰ বাবে আবেদন কৰিব 
একোটা ব্যৱসায় হস্তান্তৰত কি দায়বদ্ধতা থাকিব পাৰে (যিমান দূৰ পঞ্জীয়নৰ কথা জড়িত হৈ থাকে) ?
উত্তৰঃ এনে ধৰণৰ হস্তান্তৰ বা উত্তৰাধিকাৰ কাৰ্যকৰী হোৱাৰে পৰা হস্তান্তৰ কৰোতা বা উত্তৰাধিকাৰী পঞ্জীভুক্ত হোৱাৰ যোগ্য হ’ব আৰু তেওঁ এনে হস্তান্তৰ বা উত্তৰাধিকাৰৰ তাৰিখৰ পৰা কার্যকৰী হোৱাকৈ এটা নতুন পঞ্জীয়ন ল’ব লাগিব। (অনুচ্ছেদ ২২(৩))
চলিত কেন্দ্রীয় আবকাৰী/সেৱা কৰ/ভেট আইনৰ অধীনত ইতিমধ্যে পঞ্জীভুক্ত সকলো কৰদাতা/ব্যৱসায়ীয়ে নতুন পঞ্জীয়ন ল’ব লাগিবনে?
উত্তৰ: নালাগে। জি এছ টি এনে এনেকুৱা সকলো কৰদাতা/ব্যৱসায়ীক জি এছ টি এন নেটৱৰ্কলৈ স্থানান্তৰ কৰিব আৰু জি এছ টি আই এন নম্বৰ আৰু পাছৱৰ্ড জাৰি কৰিব। তেওঁলোকক নির্ধাৰিত সময়ত সকলো আৱশ্যকীয় নথি-পত্ৰ আৰু পঞ্জীয়নৰ বাবে প্রয়োজন হোৱা তথ্য বিচৰা হ’ব। এনে কৰাত ব্যর্থ হ’লে জি এছ টি আই এন নম্বৰ বাতিল কৰা হ’ব।কেন্দ্রীয় পঞ্জীয়ন থকা সেৱা কৰ দিওঁতাই তেওঁলোকৰ ব্যৱসায় থকা সংশ্লিষ্টৰাজ্যসমূহত নতুনকৈ আবেদন কৰিব লাগিব।
ঠিক কাম কৰা (job worker) পঞ্জীভুক্ত হোৱাটো বাধ্যতামূলক নেকি ?
উত্তৰ: নহয়, এজন ঠিক কর্মী হৈছে এজন সেৱাৰ যোগনীয়াৰ আৰু যেতিয়া তেওঁৰ বার্ষিক উপাৰ্জনৰ অন্তিম সীমা ২০/১০ লাখৰ অতিক্রম কৰে তেতিয়াহে তেওঁ পঞ্জীয়ন কৰিব লাগিব।
এজন ঠিক কাম কৰোতাৰ ব্যৱসায়ৰ স্থানৰ পৰা পণ্য সামগ্ৰী যোগান ধৰাৰ অনুমতি প্রদান কৰা হ’বনে?
উত্তৰঃ হয়, কিন্তু কেৱল তেনে ক্ষেত্ৰতহে, যেতিয়া ঠিক কাম কৰোতাজন পঞ্জীভুক্ত হয় বা ঠিক কাম কৰোতাজনৰ ব্যৱসায়ৰ স্থান তেওঁৰ ব্যৱসায়ৰ অতিৰিক্ত স্থান হিচাপে প্রধান ঘোষণাত থাকিব লাগিব।
পঞ্জীয়নৰ সময়ত কৰদাতাই তেওঁৰ ব্যৱসায়ৰ সকলো স্থানৰ কথা ঘোষণা কৰিব লাগেনে ?
উত্তৰ: হয়, চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২ (৮৯) আৰু ২ (৮৫)ৰ অধীনত ব্যৱসায়ৰ প্রধান ঠাই (Principal Place) আৰু ব্যৱসায়ৰ ঠাই (place) পৃথকে পৃথকে ক্রমান্বয়ে সংজ্ঞাবদ্ধ কৰা হৈছে। কৰদাতাই পঞ্জীয়ন প্ৰপত্ৰত ব্যৱসায়ৰ অতিৰিক্ত স্থানসমূহৰ লগতে প্রধান স্থান ঘোষণা কৰিব লাগিব।
তুলনামূলকভাৱে সৰু ঘোষণা কৰা বা আয়কৰ আন্তঃগাঁথনি নথকা ঘোষণা কৰাৰ কিবা পদ্ধতি আছেনে ?
উত্তৰঃ আয়কৰ আন্তঃগাঁথনি নথকা কৰদাতাসকলৰ আৱশ্যকতা পূৰণ কৰিবৰ বাবে, নিম্নোল্লিখিত ব্যৱস্থাৱলী পর্যাপ্ত হ’ব:কৰ হিচাপৰ বিৱৰণ প্ৰস্তুতকৰ্তা(Tax Return Preparer-TRP) এজন কৰযোগ্য লোকে তেওঁৰ পঞ্জীয়ন আবেদন/হিচাপৰ বিৱৰণ নিজে প্রস্তুত কৰিব পাৰেবা সহায়ৰ বাবে টি আৰ পিৰ ওচৰ চাপিব পাৰে। টি আৰ পিয়ে তেওঁক কৰযোগ্য লোকজনে দাখিল কৰা তথ্যৰ ভিত্তিত নির্ধাৰিত প্ৰপত্ৰত উল্লিখিত পঞ্জীয়ন নথিপত্র/হিচাপৰ বিৱৰণ প্রস্তুত কৰিব। টি আৰ পিয়ে প্রস্তুত কৰা প্ৰপত্ৰত সন্নিৱিষ্ট তথ্যৰ শুদ্ধতাৰ আইনগত দায়বদ্ধতা কেৱল উক্ত কৰযোগ্য লোকজনৰহে থা আৰু কোনো ধৰণৰ ভুল বা অশুদ্ধ তথ্যৰ বাবে টি আৰ পিজন দায়বদ্ধ নহ’ব।সহজকৰণ কেন্দ্ৰ(Facilitation Centre-FC): কৰযোগ্য লোকজনে এফচিক দিয়া আৰু কৰ্তৃত্বশীল স্বাক্ষৰকাৰীৰ দ্বাৰা স্বাক্ষৰিত প্ৰপত্ৰ আৰু নথিপত্ৰৰ লগতে ছামেৰী শ্বীট ‘ডিজিটেলাইজেচন’ কৰা আৰু/অথবা আপলোডিং কৰিবৰ বাবে এফ চি বা সহজীকৰণ কেন্দ্ৰ দায়বদ্ধ। এফ চিৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি উমৈহতীয়া প’ৰ্টেলত তথ্য (data) আপলোডিং কৰাৰ পিছত, ৰাজীনামা (Acknowledgement)ৰ এটা প্ৰিণ্ট-আউট লোৱা হ’ব আৰু এফচিয়ে স্বাক্ষৰ কৰি কৰযোগ্য লোকজনৰ ৰেকৰ্ডৰ বাবে তেওঁক প্রদান কৰিব। কর্তৃত্বশীল স্বাক্ষৰকাৰীয়ে বিধিমতে চহী কৰা 'ছামেৰী শ্বীট’খন এফচিয়ে স্কেন আৰু আপলোড কৰিব।
জি এছ টি এন পঞ্জীয়নত ডিজিটেল স্বাক্ষৰ (digital signature)ৰ কিবা ব্যৱস্থা আছেনে?
উত্তৰ : বৈধ ডিজিটেল স্বাক্ষৰ ব্যৱহাৰ কৰি দাখিল কৰা আবেদনত চহী কৰিবলৈ কৰদাতাৰ সুবিধা থাকিব। আবেদনখন বৈদ্যুতিনভাৱে ‘ছাইন’ কৰা বা অন্য ধৰণে, অর্থাৎ আধাৰ নম্বৰৰ জৰিয়তে ই-ছাইনিং বা ডি এছ চিৰ জৰিয়তে অর্থাৎ জি এছ টি পৰ্টেলৰ সৈতে কৰদাতাৰ ডিজিটেল ছিগনেচাৰ প্ৰমাণপত্ৰ পঞ্জীয়ন কৰি দাখিল কৰিবলৈ দুই ধৰণৰ সুবিধা থাকিব। অৱশ্যে, কোম্পানী বা সীমিত দায়ৱদ্ধতাৰ অংশীদাৰী প্রতিষ্ঠানেহে ডি এছ চিৰ জৰিয়তে বাধ্যতামূলকভাৱে ছাইন’ কৰিব লাগিব। স্বাক্ষৰৰক্ষেত্ৰত কেৱল লেবেল-২ আৰু লেবেল-৩ ডি এছ চি প্ৰমাণপত্র গ্রহণযোগ্য হ’ব।
অনলাইন আবেদনৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণত সময়সীমা কি হ’ব ?
উত্তৰঃ যদি তথ্য আৰু আপলোড কৰা নথিপত্র সঠিক হিচাপে প্রতিপন্ন হয়, ৰাজ্যিক জনাব। যদি তেওঁলোকে কোনো ধৰণৰ অসম্পূর্ণতা বা অসামঞ্জস্য উক্ত আবেদনত এই সময়ছোৱাৰ ভিতৰত দেখা পায়, তেতিয়া এনে ধৰণৰ বার্তা লাভৰ পৰা সাতদিনৰ ভিতৰত আবেদনকাৰীয়ে উক্ত অসম্পূর্ণতা/ অসামঞ্জস্য আঁতৰাব লাগিব। তাৰ পিছত, আবেদনখন অনুমোদন জনাবলৈ বা বাতিল কৰিবলৈ ৰাজ্যিক আৰু কেন্দ্রীয় কর্তৃপক্ষই কৰযোগ্য লোকজনে অসামঞ্জস্যতা আঁতৰোৱাৰ দিনৰ পৰা সাত দিনৰ সময় পাব। উল্লিখিত সময়সীমাৰ ভিতৰত বিভাগীয় কর্তৃপক্ষই কোনো ধৰণৰ প্রতিক্রিয়া নকৰিলে পর্টেলে স্বয়ংক্রিয়ভাৱে পঞ্জীয়ন সৃষ্টি কৰিব।
অনলাইন আবেদনত যদি কিবা প্রশ্ন উত্থাপিত হয় আবেদনকাৰীৰ দ্বাৰা প্রতিক্রিয়া প্রকাশ কৰিবৰ বাবে সময় কিমান হ’ব ?
উত্তৰ: পুনৰীক্ষণ প্রক্রিয়াৰ সময়ত কৰ কর্তৃপক্ষসমূহৰ এটাই যদি কিছুমান প্রশ্ন উত্থাপন কৰে বা কিছুমান ভুল হোৱা বুলি জাননী দিয়ে, সেই বিষয়ে আবেদনকাৰীক আৰু অন্য কৰ কর্তৃপক্ষক জি এছ টি উমৈহতীয়া প'ৰ্টেলৰ জৰিয়তে তিনিটা উমৈহতীয়া কর্মদিনৰ ভিতৰত অৱগত কৰোৱা হ’ব। আবেদনকাৰীয়ে অসম্পূর্ণতাৰ বার্তা লাভ কৰাৰ দিনৰ পৰা সাত দিনৰ ভিতৰত প্ৰশ্নৰ উত্তৰ দিব/ভূল শুধৰাব লাগিব।অতিৰিক্ত নথিপত্র বা স্পষ্টীকৰণ লাভ কৰিলে, এনে স্পষ্টীকৰণ লাভ কৰাৰ দিনৰ পৰা সাতটা উমৈহতীয়া কৰ্মদিনৰ ভিতৰত সংশ্লিষ্ট কৰ কর্তৃপক্ষই প্রতিক্রিয়া প্রকাশ কৰিব।
পঞ্জীয়ন অগ্রাহ্য কৰাৰ প্রক্রিয়া কি ?
উত্তৰ: পঞ্জীয়ন অগ্রাহ্য কৰা হ’লে, এক মৌখিক নির্দেশনাৰ জৰিয়তে এনে অগ্রাহ্যকৰণৰ কাৰণবিলাকৰ বিষয়ে আবেদনকাৰীক অৱগত কৰোৱা হ'ব। কর্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন কৰাৰ অধিকাৰ আবেদনকাৰীৰ থাকিব। চি জি এছ টি আইনৰ অনুচ্ছেদ ২৬ৰ উপ-অনুচ্ছেদ (২) অনুসৰি এটা কর্তৃপক্ষৰ দ্বাৰা (যেনে চি জি এছ টি আইন/এছ জি এছ টি আইনৰ অধীনত) পঞ্জীয়নৰ বাবে কৰা আবেদনৰ যিকোনো অগ্রাহ্যকৰণ বা নাকচ অন্য কৰ কর্তৃপক্ষ (যেনে এছ জি এছ টি আইন/ইউ টি জি এছ টি আইন/চি জি এছ টি আইনৰ অধীনস্থ)ৰ দ্বাৰা পঞ্জীয়নৰ বাবে কৰাআবেদনৰ এক অগ্রাহ্যকৰণ হিচাপে গণ্য হ’ব।
আবেদন নিম্পত্তিৰে জড়িত কোনো যোগাযোগ থাকিবনে?
উত্তৰঃ আবেদনকাৰীক তেওঁৰ পঞ্জীয়ন আবেদনৰ মঞ্জুৰী বা নাকচ সম্পকীয় কাৰণ জি এছ টি উমৈহতীয়া প’ৰ্টেলৰ দ্বাৰা এটা ই-মেইল আৰু এছ এম এছৰ জৰিয়তে জনোৱা হ’ব। এই পৰ্যায়ত আবেদনকাৰীক আইনগত সবিশেষ অৱগত কৰা হ’ব।
জি এছ টি এন প’ৰ্টেলৰ পৰা পঞ্জীয়ন প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰিনে ?
উত্তৰ: পঞ্জীয়ন মঞ্জুৰ হ’লে আবেদনকাৰীয়ে জি এছ টি উমৈহতীয়া প'ৰ্টেলৰ পৰা পঞ্জীয়ন প্রমাণপত্র ডাউনলোড কৰিব পাৰে।
পঞ্জীয়ন নির্দেশনাৰ বাতিলকৰণ প্রত্যাহাৰ কৰিব পাৰিনে?
উত্তৰ: হয়, কেৱল তেতিয়াহে এনে কৰিব পাৰি, য’ত ন্যায্য বিষয়াৰ প্ৰমাণিক তদন্তৰ জৰিয়তে প্ৰাৰম্ভিক বাতিলকৰণ কৰা হয়, আৰু কৰযোগ্য লোকজনৰ বা তেওঁৰ আইনগত উত্তৰাধিকাৰীৰ অনুৰোধ সাপেক্ষে নহয়। যাৰ পঞ্জীয়ন বাতিল কৰা হয়, তেনে লোকে বাতিলকৰণৰ নির্দেশনা লাভ কৰা দিনৰ পৰা ত্রিশ দিনৰ ভিতৰত বাতিলকৰণ প্রত্যাহাৰ কৰিবলৈ প্রামাণিক তদন্তৰ বাবে ন্যায্য বিষয়াক আবেদন কৰিব পাৰে। এনে আবেদন লাভ কৰা তাৰিখৰ পৰা বা তথ্য/ স্পষ্টীকৰণ লাভ কৰা দিনৰ পৰা ত্ৰিশ দিনৰ ভিতৰত ন্যায্য বিষয়াজনে উক্ত বাতিলকৰণ প্রত্যাহাৰ কৰিব পাৰে বা পঞ্জীয়ন বাতিলকৰণ প্রত্যাহাৰৰ বাবে জনোৱা আবেদন নাকচ কৰিব পাৰে।
পঞ্জীয়ন বাতিল কৰা কোনো লোকৰ ওপৰত পঞ্জীয়ন বাতিলকৰণৰ যিকোনো কৰাৰ দায়ৱদ্ধতা আৰোপ কৰা হ’বনে ?
উত্তৰ: হয়, চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২৯(৫) অনুসৰি প্রতিজন কৰযোগ্য লোকে, যাৰ পঞ্জীয়ন বাতিল কৰা হৈছে, ইলেক্ট্রনিক কেছ/ ক্রেডিট লেজাৰত ‘ডেবিট’ৰ মাধ্যমত এক ধনৰাশি পৰিশোধ কৰিব লাগিব, এই পৰিমাণ জমা থকা ইনপুটৰ ক্ষেত্ৰত ইনপুট টেক্স’ৰ ‘ক্রেডিট’ আৰু জমা থকা অর্ধ-সম্পূর্ণ বা সম্পূর্ণ সামগ্ৰীৰ ‘ইনপুট’ বা মূলধনী সামগ্ৰী বা প্রকল্প আৰু যন্ত্ৰ-পাতিৰ ‘ইনপুট’ৰ সমান হ’ব আৰু এনে ধৰণৰ বাতিলকৰণৰ ঠিক পিছদিনাই পৰিশোধ কৰিব লাগিব বা এনে ধৰণৰ সামগ্ৰীসমূহৰ ওপৰত পৰিশোধ কৰিবলগীয়া ‘আউটপুট টেক্স', যিটোৱেই অধিক হয় সেয়া পৰিশোধ কৰিব লাগিব।
অস্থায়ী আৰু অনা-আবাসিক কৰযোগ্য লোকৰ মাজৰ পাৰ্থক্য কি ?
উত্তৰ: চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ২(২০) আৰু ২(৭৭)ত অস্থায়ী আৰু অনা-আবাসিক কৰযোগ্য লোকৰ সংজ্ঞা ক্রমান্বয়ে উল্লেখ আছে। কিছুমান পার্থক্য তলত উল্লেখ কৰা হ’ল-
অস্থায়ী কৰযোগ্য লোক
অনা-আবাসিক কৰযোগ্য লোক
একোখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত য’ত তেওঁৰ য়নিজা ব্যৱসায়ৰ স্থায়ী স্থান নাই, সামগ্ৰী অথবা সেৱাৰ যোগান সন্নিৱিষ্ট লেনদেন আকস্মিকভাৱে কৰে।
সামগ্ৰী অথবা সেৱাৰ যোগান সন্নিৱিষ্ট লেনদেন আকস্মিকভাৱে কৰে, ভাৰতত তেওঁৰ ব্যৱসায়ৰ স্থায়ী স্থান বা আবাস নাই।
এটা PAN নম্বৰ থাকে।

এটা PAN নম্বৰ নাথাকে; যদি PAN নম্বৰ থাকে তেতিয়া এজন অনা-আবাসিক লোকে এজন অস্থায়ী কৰযোগ্য লোক হিচাপে পঞ্জীয়ন ল’ব পাৰে।
সাধাৰণ কৰযোগ্য লোকৰ বাবে যি প্রযোজ্য হয়, পঞ্জীয়নৰ বাবে সেই একে আবেদন প্ৰ-পত্র অর্থাৎ জি এছ টি আৰ ই জি-০১ প্রযোজ্য।
পঞ্জীয়নৰ বাবে অনা-আবাসিক কৰযোগ্য লোকৰ ক্ষেত্ৰত পৃথক আবেদন প্র-পত্র অর্থাৎ জি এছ টি আৰ ই জি-০৯ প্রযোজ্য।

অস্থায়ী কৰযোগ্য লোক
অনা-আবাসিক কৰযোগ্য লোক
ব্যৱসায়ৰ পৰিক্ৰমা বা অগ্ৰগতিৰ ক্ষেত্ৰত ০লেনদেন কৰিব লাগে।
সংজ্ঞাত ব্যৱসায়ৰ অনুশীলন অনুপস্থিত।
সাধাৰণ জি এছ টি আৰ-১, জি এছ টি আৰ-২ আৰ-৩ ৰিটাৰ্ণ দাখিল কৰিব লাগে।
জি এছ টি আৰ-৫ প্ৰ-পত্ৰত এক পৃথক সৰলীকৃত ৰিটাৰ্ণ দাখিল কৰিব লাগে।
সকলো আভ্যন্তৰীণ যোগানৰ ‘আই টি চি’ দাবী কৰিব পাৰে।
কেৱল সামগ্ৰী আৰু/অথবা আমদানিৰ ক্ষেত্ৰতহে ‘আই টি চি’ দাবী কৰিব পাৰে।





উৎস : vikaspedia.in
জিএছটি ত পঞ্জীয়ন GST Registration Reviewed by Mypaisa on August 15, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.