জি এছ টিত মূল্য নিৰূপণ GST Valuation
জি এছ টিৰ কৰাৰোপনৰ বাবে গ্ৰহণ কৰিবলগীয়া কৰযোগ্য যোগানৰ মূল্য কি ?
উত্তৰ : সামগ্ৰী আৰু সেৱাৰ কৰযোগ্য যোগানৰ মূল্য সাধাৰণতে হ’ব “লেনদেন মূল্য’ (Transaction value), যিটাে পৰিশোধ কৰা বা পৰিশোধ কৰিবলগীয়া দাম, যি সময়ত পক্ষসমূহ সম্পর্কযুক্ত নহয় আৰু দাম হৈছে একমাত্র বিবেচনা। চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ১৫ত লেনদেন মূল্যৰ পৰিসৰৰ পৰা বিভিন্ন ধৰণৰ কর্তন আৰু সংযোজন সম্পর্কে বহলাই কোৱা হৈছে। উদাহৰণস্বৰূপে লেনদেন মূল্যত ওভতাই পাব পৰা জমা, যোগানৰ সময়ত বা তাৰ পূর্বে কেতবোৰ নির্দিষ্ট চৰ্তসাপেক্ষে দিয়া ৰেহাই অন্তৰ্ভুক্ত নহয়।
লেনদেনৰ মুল্য কি (Transaction value)?
উত্তৰ : লেনদেন মূল্যই সামগ্ৰী আৰু/ বা সেৱাৰ যোগানৰ বাবে পৰিশোধ কৰা বাকৰিবলগীয়া দাম বুজায়, য’ত যোগনীয়াৰ আৰু গ্রহণ কৰােতা সম্পর্কযুক্ত নহয় আৰু উক্ত যোগানৰ বাবে দামেই যেতিয়া একমাত্র বিবেচনা হয়। ইয়াত যোগনীয়াৰে পৰিশোধ কৰিবলৈ দায়বদ্ধ অথচ যোগানৰ গ্ৰহণ কৰোতাই যাক অস্বীকাৰ কৰে তেনে যিকোনো ধনৰাশি অন্তৰ্ভুক্ত হয়।
জিএছটি, এছজিএছটি আৰু আইজিএছটি তথা সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত পৃথক মূল্য নিৰূপণ ব্যৱস্থা আছেনে?
উত্তৰ : নাই, তিনিওটা কৰাৰ ক্ষেত্ৰত আৰু সামগ্ৰী আৰু সেৱাৰ বাবে অনুচ্ছেদ ১৫ উমৈহতীয়া।
যোগানৰ মূল্য নিৰূপণৰ বাবে চুক্তিবদ্ধ দাম (Contract Price) উপযুক্ত হয়নে ?
উত্তৰ : চুক্তিবদ্ধ দামক অত্যন্ত নির্দিষ্টভাৱে “লেনদেন মূল্য’ হিচাপে উল্লেখ কৰা হৈছে আৰু কৰ গণনা কৰিবৰ বাবে সিয়েই হৈছে ভিত্তি। অৱশ্যে যেতিয়া পক্ষসমূহৰ সম্পর্ক থাকে বা কিছুমান নির্দিষ্ট লেনদেনত যোগান থাকিলেও একোটা দাম নাথাকে, তেতিয়া জি এছ টিৰ মূল্য নির্ধাৰণৰ নীতি-নিয়ম অনুসৰি লেনদেন মূল্য সঠিকভাৱে নির্ণয় কৰা দৰকাৰ।
সকলো ক্ষেত্ৰতে জি এছ টিৰ মুল্য নিৰুপন বিধিসমূহ উল্লেখ কৰা (Valuation Rules) উল্লেখ কৰা আৱশ্যকীয়নে ?
উত্তৰ : নহয়, কেৱল অনুচ্ছেদ ১৫ৰ উপ-অনুচ্ছেদ (১)ৰ অধীনত মূল্য নির্ধাৰণ কৰিব নোৱাৰা ক্ষেত্ৰসমূহতহে জি এছ টি মূল্য নিৰূপণ নিয়মাৱলী আৱশ্যকীয়।
অনুচ্ছেদ ১৫(১)ৰ অধীনত ঘোষিত লেনদেন মূল্য গ্রহণযোগ্য হ’ব পাৰেনে ?
উত্তৰঃ হয়, অনুচ্ছেদ ১৫(২)ত অন্তৰ্ভুক্তিৰ বাবে পৰীক্ষা কৰাৰ পিছত ই গ্রহণযোগ্য হ’ব পাৰে। তদুপৰি, আনকি যোগনীয়াৰ আৰু গ্রহণ কৰোতা সম্পর্কযুক্ত হ’লেও এই সম্পর্কই দামক প্রভাৱান্বিত নকৰিলে লেনদেন মূল্য গ্রহণযোগ্য হ’ব পাৰে। (আৰ্হি জি এছ টি মূল্য নিৰূপণ বিধিৰ ৩(৪)
লেনদেনমূল্যত যোগান-পৰৱতী দাম ৰেহাই (discounts) বা উদগনি (incentive) অন্তৰ্ভুক্ত হ’বনে ?
উত্তৰঃ হয়, চুক্তি অনুসৰি যদি যোগান-পৰৱতী ৰেহাই প্রতিষ্ঠা কৰা হৈছে, যি বিষয়ে যোগানৰ সময়ত বা তাৰ পূর্বে অৱগত হয় আৰু য’ত এনেধৰণৰ ৰেহাইৰ কথা প্রাসংগিক চালানত বিশেষভাৱে উল্লেখ থাকে আৰু এনে ৰেহাইৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ গ্রহণ কৰোতাৰ বিপৰীত অর্জিত কৰাৰ নিৰিখ থাকে, তেতিয়া জি এছ টি আইনৰ অনুচ্ছেদ ১৫ৰ অধীনত গ্রহণযোগ্য কর্তন হিচাপে এনে ৰেহাই অনুমোদিত হয়।
যোগানৰ সময়ত বা তাৰ পূর্বে দিয়া যোগানপূর্বক ৰেহাই লেনদেন মূল্যত অন্তর্ভুক্ত হ’বনে ?
উত্তৰ : নহয়, কোৱা হৈছে যে সাধাৰণ বাণিজ্যিক কাম-কাজৰ পৰিক্ৰমাত এই সন্মতি দিয়া হৈছে আৰু চালানত যথোচিতভাৱে নথিভুক্ত কৰা হৈছে।
মূল্য নিৰূপণ বিধিৰ ব্যৱস্থাৱলী কেতিয়া প্রযোজ্য ?
উত্তৰ : মূল্য নিৰূপণ বিধি তেতিয়া প্রযোজ্য, যেতিয়া (১) বিবেচনা যেতিয়া সম্পূৰ্ণৰূপে বা আংশিকভাৱে ধনৰ বিনিময়ত নহয়; (২) পক্ষসমূহ সম্পর্কযুক্ত বা কোনো নির্দিষ্ট শাখাৰ যোগনীয়াৰৰ দ্বাৰা যোগান সম্পন্ন হ’লে ; আৰু (৩) ঘোষিত লেনদেন মূল্য নিৰ্ভৰযোগ্য নহ’লে।
অনুচ্ছেদ ১৫(২)ত নির্দিষ্ট কৰি দিয়া অন্তৰ্ভুক্তিকৰণ কি? যাক লেনদেন মূল্যত যোগ দিব পাৰিঃ
উত্তৰ : লেনদেন মূল্যত যোগ দিব পৰা অনুচ্ছেদ ১৫(২)ত নির্দিষ্ট কৰি দিয়া অন্তর্ভুক্তিকৰণবিলাক হৈছে :
(ক) এছ জি এছ টি/চি জি এছ টি আইন, সামগ্ৰী আৰু সেৱা কৰ (ৰাজহ হেৰুওৱাৰ বাবে ৰাজ্যসমূহক ক্ষতিপূৰণ) আইন, ২০১৬ৰ বাহিৰে আন কোনো বিধি অনুসৰি যিকোনো ধৰণৰ কৰ, শুষ্ক, উপ-কৰ, মাচুল আৰু দেনা সন্নিবিষ্ট থাকিলে তথা ইবিলাকৰ অধীনত যোগনীয়াৰে গ্ৰহণ কৰোতাৰ পৰা পৃথকে মাচুল ল’লে;
(খ) এনে যোগানৰ সৈতে সংগতি ৰাখি যোগনীয়াৰে পৰিশোধ কৰিবলৈ দায়বদ্ধ যিকোনো ধনৰাশি কিন্তু উক্ত যোগানৰ গ্ৰহণ কৰোতাই যদি তেনে কৰিবলৈ অস্বীকাৰ কৰে আৰু সামগ্ৰী আৰু/অথবা সেৱাৰ ক্ষেত্ৰত পৰিশোধ কৰা বা পৰিশোধযোগ্য মূল্যত যদি সেয়া অন্তৰ্ভুক্ত নকৰে।
(গ) আকস্মিক খৰচ, যেনে— যোগনীয়াৰে গ্ৰহণ কৰোতাৰ ওপৰত আৰোপ কৰা কমিছন পূর্বে যোগনী
আৰু পেকিং, উক্ত সামগ্ৰী আৰু /অথবা সেৱা প্ৰদানৰ সময়ত বা তাৰ পূৰ্বে যোগনীয়াৰে প্ৰদান কৰিব লগা হোৱা যিকোনো ধৰণৰ ধনৰাশি বা প্ৰদানকৰিব লগিয়া সেৱাৰ ক্ষেত্ৰত।
(ঘ) যিকোনো যোগানৰ বাবে যিকোনো ধৰণৰ বিবেচনাৰ ক্ষেত্ৰত বিলম্বিত পৰিশোধৰ বাবে প্রযোজ্য সুত অথবা বিলম্বিত মাচুল অথবা জৰিমনা; আৰু
(ঙ) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰা ৰাজ সাহাৰ্য্য বাদ দি প্ৰকৃত মুল্যৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কযুক্ত ৰাজসাহাৰ্য্য।
উৎস : vikaspedia.in
জি এছ টিত মূল্য নিৰূপণ GST Valuation
Reviewed by Mypaisa
on
August 15, 2017
Rating:

No comments: