Top Ad unit 728 × 90

Breaking News

random

সামগ্ৰী আৰু সেৱা কৰ(জি এছ টি / GST)

সামগ্ৰী আৰু সেৱা কৰ(জি এছ টি / GST)ৰ অৱলোকন

সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) কি ?

উত্তৰঃ ই হৈছে সামগ্ৰী আৰু সেৱা উপভোগৰ ওপৰত স্থানভিত্তিক কৰ। প্রস্তুতকৰণৰ পৰা সর্বশেষ উপভোগলৈকে পৰিমাণ অনুসৰি পর্যাপ্ত ৰূপত আগতীয়া পর্যায়সমূহত পৰিশোধ কৰা কৰৰ নিৰিখ হিচাপত ই সকলো পর্যায়তে ধার্য হ’ব পাৰে। একোটা ফলাহাৰত (nutshel), কেৱল মূল্য সংযোজন কৰাৰোপিত হ’ব আৰু কৰৰ বোজা সর্বশেষ উপভোক্তাই বহন কৰিব লাগিব।

উপভোগত স্থানভিত্তিক (destination based) কৰ বুলিলে কি বুজায়?

উত্তৰ: যোগানৰ স্থান হিচাপেও অভিহিত উপভোগৰ স্থানৰ ওপৰত বিধিসন্মত কর্তৃত্ব থকা কৰাৰোপন কর্তৃপক্ষই এই কৰ লাভ কৰিব।

জি এছ টিৰ অধীনত কোনবোৰ চলিত কৰ সামৰি লোৱা (subsume) হ’ব?

উত্তৰ: নিম্নোল্লিখিত কৰবিলাক জি এছ টিয়ে পুনৰ প্রয়োগ কৰিব:

(১) কেন্দ্রই বর্তমান আৰোপ আৰু সংগ্ৰহ কৰা কৰবিলাক:

ক) কেন্দ্রীয় আবকাৰী শুল্ক

খ) আবকাৰী শুল্ক (ঔষধী আৰু প্রসাধন প্রস্তুতি)

গ) আবকাৰীৰ অতিৰিক্ত শুল্ক (বিশেষ গুৰুত্ব থকা পণ্য সামগ্ৰী)

ঘ) আবকাৰীৰ অতিৰিক্ত শুল্ক (বস্ত্ৰ আৰু বস্ত্ৰ সামগ্ৰী)

ঙ)সীমা শুল্ক (custom)ৰ অতিৰিক্ত শুল্ক (সাধাৰণতে যাক CVD বুলি জনা যায়)

চ) সীমা শুল্কৰ বিশেষ অতিৰিক্ত শুল্ক (SAD)

ছ) সেৱা কৰ

জ)পণ্য সামগ্ৰী আৰু সেৱাৰ যোগানৰ সৈতে থকা সম্পৰ্ক অনুসৰি কেন্দ্ৰীয় অতিৰিক্ত মাচুল(surcharges)আৰু উপকাৰ(cess)

২)জিএছটিৰ অধীনত সামৰি ল’বলগীয়া(subsume) ৰাজ্যিক কৰবিলাক:

ক)ৰাজ্যিক মূল্য সংযোজিত কৰ(VAT)

খ)কেন্দ্ৰীয় বিক্ৰী কৰ

গ)বিলাস কৰ

ঘ) প্রৱেশ কৰ (সকলো প্ৰকাৰৰ)

ঙ)মনোৰঞ্জন আৰু আমোদ কৰ (স্থানীয় সমিতিৰ দ্বাৰা কৰাৰোপিত নহ’লেহে)

চ) বিজ্ঞাপনৰ ওপৰত কৰ

ছ)ক্রয় কৰ

জ)লটাৰী, বাজী আৰু জুৱাৰ ওপৰত কৰ

ঝ)সামগ্ৰী আৰু সেৱাৰ যোগানৰ সৈতে থকা সম্পর্ক অনুসৰি ৰাজ্যিক অতিৰিক্ত মাচুল আৰু উপকৰ কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় সমিতিসমূহে আৰোপ কৰা কৰ, উপকৰ আৰু অতিৰিক্ত মাচুলৰ ওপৰত জি এছ টি পৰিষদে কেন্দ্ৰ আৰু ৰাজ্যসমূহক পৰামৰ্শ দিব আৰু সেই মতে জি এছ টিত প্ৰযোজ্য হ’ব।

জি এছ টিৰ অধীনত ওপৰত উল্লিখিত কৰসমূহ প্রযোজ্য কৰিবৰ বাবে কি নীতি গ্ৰহণ কৰা হৈছে ?

উত্তৰ: জি এছ টিৰ অধীনত প্রযোজ্য হোৱাৰ সম্ভাৱনীয়তা চিনাক্ত কৰিবলৈ বিভিন্ন কেন্দ্রীয়, ৰাজ্যিক আৰু স্থানীয় নিৰিখবিলাক পৰীক্ষা কৰা হৈছে। চিনাক্ত কৰাৰ সময়ত নিম্নোল্লিখিত নীতিসমূহ মনত ৰখা হৈছিল :

(১) সামৰি ল’বলগীয়া কৰ বা মাচুলসমূহ প্রাথমিকভাৱে হয় সামগ্ৰীৰ যোগান নহয় সেৱাৰ যোগানৰ ক্ষেত্ৰত পৰোক্ষ কৰ প্রকৃতিৰ হ’ব লাগিব।

(২) অন্তৰ্ভুক্ত হ’বলগীয়া কৰ বা মাচুল কাৰবাৰ বা লেনদেন শৃংখলা (transaction chain)ৰ অংশ হ’ব লাগিব, যি এফালে সামগ্ৰীৰ আমদানি/প্রস্তুতকৰণ/উৎপাদন বা সেৱাৰ ব্যৱস্থাপনা বুজায় আৰু আনফালে সামগ্ৰী আৰু সেৱাৰ উপভোগ বুজায়।

(৩) এই সামৰি লোৱা বা অন্তৰ্ভুক্তিকৰণ (subsumation)ৰ ফলত ৰাজ্যৰ আভ্যন্তৰীণ আৰু আন্তঃৰাজ্যিক স্তৰত কৰৰ নিৰিখৰ মুক্ত প্রবাহ হ’ব লাগে। সামগ্ৰী আৰু সেৱাৰ যোগানৰ সৈতে নির্দিষ্টভাৱে সম্পর্ক নথকা কৰ, মাচুল আৰু নিৰিখবিলাক জি এছ টিৰ অধীনত অন্তৰ্ভুক্ত হ’ব নালাগে।

(৪) কেন্দ্ৰ আৰু ৰাজ্যসমূহে নিজস্বভাৱে উভয়ৰে বাবে ৰাজহৰ সুচলতা প্রতিষ্ঠাৰ লক্ষ্য আগত ৰাখিব লাগিব।

জি এছ টিৰ পৰিসৰৰ বাহিৰত ৰাখিবলগীয়া পণ্যবিলাক কি কি ?

উত্তৰ: ১০১ তম সংবিধান সংশোধন আইন, ২০১৬ৰ দফা ৩৬৬ (১২এ) অনুসৰি মানুহে সেৱন কৰা মাদক দ্রব্যৰ বাহিৰে আন যিকোনো সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) বুজায়। সেয়ে সংবিধানত উল্লিখিত জি এছ টিৰ সংজ্ঞাৰ পৰা মানুহে ব্যৱহাৰ কৰা মাদকদ্রব্য বাহিৰত ৰখা হৈছে। পাঁচবিধ পেট্ৰ'লজাত সামগ্ৰী যেনে পেট্ৰ'লজাত অপৰিশোধিত তেল, মটৰ স্পিৰিট (পেট্ৰ’ল), হাই স্পীড ডিজেল, প্রাকৃতিক গেছ আৰু এভিয়েচন টাৰবাইন ইন্ধন তথা বিদ্যুৎ বাহিৰত ৰখা হৈছে আৰু সেইবিলাক কেতিয়াৰ পৰা জি এছ টিত অন্তৰ্ভুক্ত কৰা হ’ব সেই কথা জি এছ টি পৰিষদে নির্ধাৰণ কৰিব। তদুপৰি, বিদ্যুৎ সেৱাক জি এছ টিৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে।

জি এছ টি বলৱৎ হোৱাৰ পিছত ওপৰত উল্লেখ কৰা পণ্যবিলাকৰ কৰাৰোপনৰ ক্ষেত্ৰত কি ব্যৱস্থা হ’ব ?

উত্তৰ: ওপৰত উল্লিখিত পণ্যবিলাকৰ ক্ষেত্ৰত চলিত কৰাৰোপন পদ্ধতি (মূল্য সংযোজিত কৰ-ভেট (VAT) আৰু কেন্দ্রীয় আবকাৰী শুল্ক) অব্যাহত থাকিব।

জি এছ টিৰ অধীনত ধপাত আৰু ধপাত জাতীয় সামগ্ৰীৰ ব্যৱস্থা কি হ’ব ?

উত্তৰ: ধপাত আৰু ধপাত জাতীয় সামগ্রীত জি এছ টি প্রযোজ্য হ’ব। তাৰ লগতে এই সামগ্ৰীবোৰৰ ওপৰত কেন্দ্রীয় আবকাৰী শুল্ক আৰোপ কৰাৰ ক্ষমতা কেন্দ্ৰৰ থাকিব।

কেনেধৰণৰ জি এছ টি বলৱৎ কৰা হ’ব ?

উত্তৰ: এক উমৈহতীয়া কৰাৰ ভিত্তিত কেন্দ্ৰ আৰু ৰাজ্যসমূহে একে সময়তে কৰাৰোপন কৰাৰ লগতে ই হ’ব এক দ্বৈত জি এছ টি। ৰাজ্যৰ আভ্যন্তৰত পণ্য-সামগ্ৰী আৰু/অথবা সেৱাৰ যোগানত কেন্দ্ৰই আৰোপ কৰিবলগা জি এছ টিক কোৱা হ’ব কেন্দ্রীয় জি এছ টি (CGST) আৰু ৰাজ্যসমূহে আৰোপ কৰিবলগীয়া জি এছ টিক কোৱা হ’ব ৰাজ্যিক জি এছ টি (SGST)। একেদৰে, প্ৰতিটো আন্তঃৰাজ্যিক পণ্য সামগ্ৰী আৰু সেৱাৰ যোগানত কেন্দ্ৰই সমন্বিত জি এছ টি (Integrated GST) আৰোপ কৰিব।

দ্বৈত জি এছ টি কিয় লাগে ?

উত্তৰ: ভাৰত এখন সংযুক্ত শাসন থকা দেশ, য’ত যথোচিত বিধিৰ জৰিয়তে কৰ আৰোপ আৰু সংগ্ৰহৰ ক্ষমতা কেন্দ্ৰ আৰু ৰাজ্যসমূহ উভয়ে লাভ কৰিছে। সংবিধানত উল্লিখিত ক্ষমতাৰ বিভাজন অনুসৰি কাৰ্য সম্পাদন কৰিবৰ বাবে উভয় স্তৰৰ চৰকাৰৰ স্পষ্ট দায়বদ্ধতা আছে, যাৰ বাবে তেওঁলোকে সম্পদৰ উন্নতি সাধন কৰিবলগীয়া হয়। সেয়ে একোটা দ্বৈত জি এছ টিয়ে বিত্তীয় সংযুক্ত শাসনতন্ত্রৰ সাংবিধানিক আৱশ্যকতা  

জি এছ টি কোন কর্তৃপক্ষই আৰোপ আৰু পৰিচালনা কৰিব ?

উত্তৰ: কেন্দ্ৰই চি জি এছ টি আৰু আই জি এছ টি আৰোপ আৰু পৰিচালনা কৰাৰ বিপৰীতে সংশ্লিষ্ট ৰাজ্যসমূহে এছ জি এছ টি /ইউ টি জি এছ টি আৰোপ আৰু পৰিচালনা কৰিব।

জি এছ টিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ভাৰতৰ সংবিধানখন কিয় সংশোধন কৰা হ’ল ?

উত্তৰ: বর্তমান কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ বিভীয় ক্ষমতাৱলী সংবিধানত স্পষ্টভাৱে চিহ্নিত কৰা আছে, য’ত সংশ্লিষ্ট শাসনতন্ত্ৰৰ প্ৰায় ওপৰা-উপৰি নাই। সামগ্ৰীৰ প্রস্তুতকৰণ (মানুহে সেৱন কৰা নিচাজাতীয় পানীয়, কানি, টোপনি অহোৱা দৰৱ ইত্যাদিৰ বাহিৰে)ৰ ওপৰত কৰাৰোপনৰ ক্ষমতা কেন্দ্ৰৰ থকাৰ বিপৰীতে পণ্য সামগ্ৰীৰ বিক্ৰীৰ ওপৰত কৰাৰোপনৰ ক্ষমতা ৰাজ্যসমূহৰ আছে। আন্তঃৰাজ্যিক বিক্ৰয়ৰ ক্ষেত্ৰত একোটা (কেন্দ্রীয় বিক্ৰী কৰ) আৰোপ কৰাৰ ক্ষমতা কেন্দ্ৰৰ আছে যদিও সেই কৰ ৰাজ্যসমূহে সামগ্রিকভাৱে সংগ্ৰহ আৰু সংৰক্ষণ কৰে। সেৱাৰ ক্ষেত্ৰত, কেৱল কেন্দ্ৰইহে সেৱা কৰ আৰোপ কৰিব পাৰে।

জি এছ টিৰ প্ৰৱৰ্তনৰ বাবে সংবিধান সংশোধন কৰিবলগীয়া হ’ল যাতে কেন্দ্ৰ আৰু ৰাজ্যসমূহে এই কৰ একে সময়তে আৰোপ আৰু সংগ্ৰহ কৰাৰ ক্ষমতা লাভ কৰে। এই উদ্দেশ্যে অলপতে সংবিধান (এশ একতম সংশোধন) আইন, ২০১৬ৰ জৰিয়তে ভাৰতৰ সংবিধানখন সংশোধিত কৰা হয়। সংবিধানৰ অনুচ্ছেদ ২৪৬ এত কেন্দ্ৰ আৰু ৰাজ্যসমূহক জি এছ টি আৰোপ আৰু সংগ্ৰহ কৰিবলৈ ক্ষমতা প্রদান কৰা হৈছে।

কেন্দ্রীয় জি এছ টি (CGST) আৰু ৰাজ্যিক জি এছ টি (SGST)ৰ অধীনত সামগ্ৰী আৰু সেৱাৰ একোটা নির্দিষ্ট লেনদেনৰ ওপৰত কেনেদৰে একে সময়তে কৰাৰোপ কৰা হ’ব ?

উত্তৰ: আওতাৰ পৰা বাহিৰত ৰখা পণ্য সামগ্ৰী আৰু সেৱা, জি এছ টিৰ পৰিসৰৰ পণ্য সামগ্ৰী আৰু নির্ধাৰিত পৰিসীমাৰ তলৰ লেনদেনবিলাকক বাদ দি বাকী প্ৰতিটো পণ্য সামগ্ৰী আৰু সেৱাৰ যোগানৰ লেনদেনত কেন্দ্রীয় জি এছ টি আৰু ৰাজ্যিক জি এছ টি একে সময়তে আৰোপিত হ’ব। পৰৱতী পৰ্যায়ত উভয়ৰে ক্ষেত্ৰত একে দামৰ ওপৰত বা কেন্দ্রীয় ভোট (CENVAT) অন্তৰ্ভুক্ত পণ্য সামগ্ৰীৰ মূল্যৰ ওপৰত আৰোপিত ৰাজ্যিক VATৰ পৃথকে কৰাৰোপিত হ’ব। যোগনীয়াৰ আৰু গ্রহণ কৰোতাৰ স্থান দেশৰ ভিতৰতে হ’লে চি জি এছ টি আৰোপৰ আৱশ্যক নহয়, যোগনীয়াৰ আৰু গ্রহণ কৰোতা উভয়ে ৰাজ্যৰ ভিতৰৰ হ’লেহে এছ জি এছ টি প্রযোজ্য হ’ব।

ব্যাখ্যা ১: ধৰি লোৱা হ’ল যে চি জি এছ টিৰ নিৰিখ ১০ শতাংশ আৰু সেইদৰে এছ জি এছ টি ১০ শতাংশ। যদি উত্তৰ প্ৰদেশৰ এজন ষ্টীলৰ পাইকাৰী ব্যৱসায়ীয়ে একেখন ৰাজ্যতে থকা এটা নির্মাণ কোম্পানীক ১০০ টকাৰ ষ্টীল বাৰ আৰু ৰডৰ যোগান ধৰে, তেতিয়া পণ্য সামগ্ৰীৰ মৌলিক দামৰ (basic price) অতিৰিক্তভাৱে পাইকাৰী ব্যৱসায়ীজনে ১০ টকাৰ চি জি এছ টি আৰু ১০ টকাৰ এছ জি এছ টি আদায় দিব লাগিব। তেওঁ চি জি এছ টিৰ নিৰিখ এটা কেন্দ্রীয় চৰকাৰৰ একাউণ্টত জমা দিয়াৰ বিপৰীতে এছ জি এছ টিৰ অংশখিনি সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ একাউণ্টত জমা দিব লাগিব। নিশ্চিতভাৱে যিহেতু তেওঁ তেওঁৰ এই ক্ৰয়ত (ধৰি লোৱা হ’ল, input) চি জি এছ টি বা এছ জি এছ টিৰ বিপৰীতে এই দেনাৰ পৰিমাণৰ বাবে দায়বদ্ধ হ’ব, সেয়ে তেওঁ ২০ টকা (১০ টকা + ১০ টকা) নগদ পৰিশোধ কৰিব নালাগে। কিন্তু চি জি এছ টি বা এছ জি এছ টি পৰিশোধ কৰা বাবে, ক্ৰয়ৰ ক্ষেত্ৰত তেওঁক পৰিশোধ কৰা চি জি এছ টিৰ পৰিমাণ ব্যৱহাৰৰহে অনুমতি দিয়া হ’ব আৰু একেদৰে পৰিশোধ কৰা এছ জি এছ টিৰ বাবে তেওঁ কেৱল এছ জি এছ টিৰ দেনাহে ব্যৱহাৰ কৰিব পাৰিব। আন কথাত ক’বলৈ গ’লে চি জি এছ টিৰ দেনা, সাধাৰণতে এছ জি এছ টিৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। এছ জি এছ টিৰ দেনাও সেইদৰে চি জি এছ টিৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে।

ব্যাখ্যা ২: আকৌ ধৰি লোৱা হ’ল যে চি জি এছ টিৰ নিৰিখ ১০ শতাংশ আৰু একেদৰে এছ জি এছ টি ১০ শতাংশ। যদি মুম্বাইস্থিত এটা বিজ্ঞাপন কোম্পানীয়ে মহাৰাষ্ট্ৰ ৰাজ্যতে থকা চাবোন প্রস্তুতকর্তা এটা কোম্পানীক ১০০ টকাৰ বিজ্ঞাপন সেৱাৰ যোগান ধৰে, তেতিয়া বিজ্ঞাপন কোম্পানীটোৱে সেই সেৱাৰ প্ৰাথমিক মূল্যৰ লগতে চি জি এছ টি ১০ টকা আৰু এছ জি এছ টি ১০ টকা ভৰিব লাগিব। তেওঁ কেন্দ্রীয় চৰকাৰৰ এটা একাউণ্টত চি জি এছ টিৰ ধন জমা দিব লাগিব আৰু এছ জি এছ টিৰ অংশ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ একাউণ্টত জমা দিব লাগিব। নিশ্চিতভাৱে তেওঁ যিহেতু তেওঁৰ এই ক্ৰয়ত (ধৰা হ’ল, input যেনে লিখা-মেলা, কার্যালয়ৰ আহিলা, একোজন শিল্পীৰ সেৱা ইত্যাদি) চি জি এছ টি বা এছ জি এছ টিৰ বিপৰীতে এই দেনাৰ বাবে দায়বদ্ধ হ’ব। সেয়ে তেওঁ ২০ টকা (১০ টকা + ১০ টকা) নগদ পৰিশোধ কৰিব নালাগে। কিন্তু চি জি এছ টি পৰিশোধ কৰা বাবে ক্ৰয়ৰ ক্ষেত্ৰত তেওঁক পৰিশোধ কৰা চি জি এছ টিৰ পৰিমাণ ব্যৱহাৰৰহে অনুমতি দিয়া হ’ব আৰু একেদৰে পৰিশোধ কৰা এছ জি এছ টিৰ বাবে তেওঁ কেৱল এছ জি এছ টিৰ দেনাহে ব্যৱহাৰ কৰিব পাৰিব। আন কথাত ক’বলৈ গ’লে, চি জি এছ টিৰ দেন, সাধাৰণতে, এছ জি এছ টিৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। এছ জি এছ টিৰ দেনাও সেইদৰে চি জি এছ টিৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে।

জি এছ টিৰ পৰা দেশে কি কি মুনাফা অর্জন কৰিব ?

উত্তৰ: ভাৰতত পৰোক্ষ কৰ সংস্কাৰৰ ক্ষেত্ৰখনত জি এছ টি প্রৱর্তন এক অত্যন্ত অর্থপূর্ণ পদক্ষেপ হ’ব। এটা একক কৰ ব্যৱস্থাত এক বৃহৎসংখ্যক কেন্দ্রীয় আৰু ৰাজ্যিক কৰ একত্ৰীকৰণ কৰা আৰু পূর্ব-পর্যায়ৰ কৰবিলাক অব্যাহত ৰখাৰ ফলত নিৰ্গমনৰ (cascading) কুফল হ্রাস পাব আৰু এখন উমৈহতীয়া ৰাষ্ট্ৰীয় বজাৰৰ পথ প্রশস্ত হ'ব। উপভোক্তাৰ বাবে সর্ববৃহৎ প্রাপ্তি হ’ব পণ্য সামগ্ৰীৰ ওপৰত সামগ্রিক কৰৰ বোজা হ্রাস, যিটো বর্তমান হিচাপ মতে ২৫-৩০ শতাংশ। জি এছ টিৰ প্রৱর্তনে ঘৰুৱা আৰু আন্তর্জাতিক বজাৰত আমাৰ সামগ্ৰীসমূহ প্রতিযোগিতামূলকো কৰিব। অধ্যয়নে দেখুৱাইছে যেই তাৎক্ষণিকভাৱে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব। কৰৰ ভিত্তি প্ৰসাৰিত হোৱাৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বাবে ৰাজহ প্রাপ্তিও ঘটিব, বাণিজ্যৰ পৰিসৰ বৃদ্ধি পাব আৰু কৰ প্ৰদানৰ সন্মতি উন্নত হ’ব। ইয়াৰ স্বচ্ছ চৰিত্ৰৰ কাৰণে, এই কৰ, সর্বশেষ অথচ সামান্য নহয়, ই তুলনামূলকভাৱে হ’ব সহজসাধ্য।

আই জি এছ টি কি ?

উত্তৰ: জি এছ টি প্রৱর্তনৰ অধীনত, সামগ্ৰী আৰু সেৱাৰ আন্তঃৰাজ্যিক যোগানৰ ওপৰত কেন্দ্রই এক সমন্বিত জি এছ টি (Integrated GST/IGST) আৰোপ আৰু সংগ্ৰহ কৰিব। সংবিধানৰ ২৬ নং এ অনুচ্ছেদৰ অধীনত আন্তঃৰাজ্যিক বাণিজ্যৰ ক্ষেত্ৰত যোগানৰ ওপৰত জি এছ টি ভাৰত চৰকাৰে আৰোপ আৰু সংগ্ৰহ কৰিব আৰু সামগ্ৰী আৰু সেৱা কৰ পৰিষদ (GSTC)ৰ পৰামর্শ অনুসৰি সংসদে আইনৰ জৰিয়তে কৰা ব্যৱস্থা অনুসৰি এনে কৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ভাগ-বাটোৱাৰা হ’ব।

জি এছ টিৰ নিৰিখ কোনে ধার্য কৰিব ?

উত্তৰঃ কেন্দ্ৰ আৰু ৰাজ্যসমূহে চি জি এছ টি আৰু এছ জি এছাটিৰ নিৰিখ যুটীয়াভাৱে নির্ধাৰণ কৰিব। জি এছ টি পৰিষদৰ পৰামৰ্শাৱলী সন্দৰ্ভত নিৰিখবিলাক সন্দৰ্ভত জাননী জাৰি কৰা হ’ব।

জি এছ টি পৰিষদৰ ভূমিকা কি হ’ব ?

উত্তৰ; কেন্দ্রীয় বিত্ত মন্ত্রী (যি পৰিষদৰ অধ্যক্ষ হ'ব), ৰাজ্য মন্ত্রী (ৰাজহ) আৰু ৰাজ্যিক বিত্ত/ কৰাৰোপন মন্ত্রীবর্গক লৈ এখন জি এছ টি পৰিষদ গঠিত হ’ব আৰু এই পৰিষদে নিম্নোল্লিখিত বিষয় সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্যসমূহক পৰামৰ্শাৱলী প্রদান কৰিব—

(১) জি এছ টিৰ অধীনত সামৰি ল’ব পৰা, কেন্দ্ৰ, ৰাজ্যসমূহ আৰু স্থানীয় সমিতিসমূহে আৰোপ কৰা কৰ, উপকৰ আৰু অতিৰিক্ত মাচুলসমূহ;

(২) জি এছ টিত অন্তর্ভুক্ত আৰু বহির্ভূত হ’ব পৰা সামগ্ৰী আৰু সেৱাৰাজি

(৩) পেট্ৰ'লজাত অপৰিশোধিত তেল, হাই স্পীড ডিজেল, মটৰ স্পিৰিট(সাধাৰণতে যাক পেট্ৰ’ল বুলি জনা যায়), প্রাকৃতিক গেছ আৰু এভিয়েচন টাৰ্বাইন ফুৱেলৰ ওপৰত জি এছ টি আৰোপৰ তাৰিখ;

(৪) আৰ্হি জি এছ টি আইন, কৰাৰোপণৰ নীতি, আই জি এছ টিৰ নিয়োগ আৰু যোগানৰ স্থান নির্ণয় কৰা নীতিসমূহ;

(৫) প্রতিদানৰ (turnover) শেষ সীমা যাৰ তলত সামগ্ৰী আৰু সেৱা জি এছাটিৰ পৰা বহির্ভূত হ’ব পাৰে;

(৬) জি এছ টিৰ বান্ধোনসহ বজাৰ দৰ (floor rate)কে ধৰি বিভিন্ন দাম;

(৭) যিকোনো প্রাকৃতিক দুর্যোগৰ সময়ত অতিৰিক্ত সম্পদ আহৰণৰ বাবে এছোৱা নির্দিষ্ট সময়ৰ বাবে যিকোনো বিশেষ দাম;

(৮) উত্তৰ-পূবৰ ৰাজ্যসমূহ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থাৱলী; আৰু

(৯) পৰিষদে ধার্য কৰা মতে, জি এছ টিৰ সৈতে সম্পর্কযুক্ত আন যিকোনো বিষয়।

জি এছ টি পৰিষদৰ কাৰ্য পদ্ধতিৰ পৰামৰ্শমূলক নীতি কি ?

উত্তৰ: জি এছ টি পৰিষদৰ কাৰ্যপদ্ধতিয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত, সমান্তৰালভাৱে ৰাজ্য আৰু ৰাজ্যৰ মাজত জি এছ টিৰ বিভিন্ন দিশত সমন্বয় সাধন কৰিব। সংবিধানৰ (এশ একতম সংশোধন) আইন, ২০১৬ত কোৱা হৈছে যে এছ টি পৰিষদে ইয়াৰ বিভিন্ন কাৰ্যাৱলী সম্পাদন কৰোতে জি এছ টিৰ এটা সমন্বিত গাঁথনি আৰু পণ্য সামগ্ৰী তথা সেৱাৰ বাবে এখন উমৈহতীয়া ৰাষ্ট্ৰীয় বজাৰৰ বিকাশৰ আৱশ্যকতাৰ লক্ষ্য আগত ৰাখি কাম কৰিব।

জি এছ টি পৰিষদে কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিব ?

উত্তৰঃ সংবিধান (এশ একতম সংশোধন) আইন, ২০১৬ত কোৱা হৈছে যে জি এছ টি পৰিষদৰ প্ৰতিটো সিদ্ধান্ত উপস্থিত সদস্যৰ কমেও তিনি চতুর্থাংশৰ ওজনযুক্ত ভোটৰ সংখ্যাগৰিষ্ঠতাৰে একোখন বৈঠকত গ্রহণ কৰা হ’ব। কেন্দ্রীয় চৰকাৰৰ ভোটৰ ওজন সংগৃহীত ভোটৰ এক তৃতীয়াংশ হ’ব আৰু সকলো ৰাজ্যিক চৰকাৰৰ একত্রিত ভোটৰ ওজন হ’ব সেই বৈঠকত সংগৃহীত সর্বমুঠ ভোটৰ দুই-তৃতীয়াংশ। ইয়াৰ বৈঠকত জি এছ টি পৰিষদৰ সৰ্বমুঠ সদস্যৰ আধা সংখ্যক উপস্থিত থাকিলে কোৰাম বা থুল হ’ব।

প্রস্তাৱিত জি এছ টি প্রৱর্তনৰ কালত কোনে জি এছ টি পৰিশোধ কৰিব লাগিব ?

উত্তৰ ৪ জি এছ টি প্রৱর্তনৰ কালত, সামগ্ৰী আৰু /অথবা সেৱাৰ যোগানৰ বাবত কৰাৰোপিত ব্যক্তিয়ে কৰ পৰিশোধ কৰিব লাগিব | কৰাৰোপনৰ যোগ্য ব্যক্তিয়ে যেতিয়া শেষ সীমা (threshold) অতিক্রম কৰে, যেনে ১০ লাখ টকা (উত্তৰ-পূব ৰাজ্যসমূহৰ বাবে ৫ লাখ টকা), তেতিয়াই কৰ পৰিশোধ কৰিবলগা হয়, ইয়াৰ বাহিৰে কিছুমান নির্দিষ্ট ক্ষেত্ৰত কৰাৰোপনৰ যোগ্য ব্যক্তিয়ে অন্তিম সীমা অতিক্ৰম নকৰিলেও জি এছ টি পৰিশোধ কৰিব লাগিব। ৰাজ্যৰ আভ্যন্তৰীণ (intra-state) সকলো সামগ্ৰী আৰু/অথবা সেৱাৰ যোগানৰ ক্ষেত্ৰত চি জি এছ টি/এছ জি এছ টি পৰিশোধযোগ্য আৰু সামগ্ৰী আৰু/অথবা সেৱাৰ সকলো আন্তঃৰাজ্যিক যোগানৰ ক্ষেত্ৰত আই জি এছ টি পৰিশোধযোগ্য। সংশ্লিষ্ট আইনবিলাকৰ সূচীত নির্দিষ্ট কৰি দিয়া নিৰিখত চি জি এছ টি/এছ জি এছ টি আৰু আই জি এছ টি পৰিশোধযোগ্য।

জি এছ টি প্ৰৱৰ্তনৰ কালত ক্ষুদ্র কৰ পৰিশোধকাৰীৰ মুনাফা কি ?

উত্তৰ: একোটা বিত্তীয় বৰ্ষত ১০ লাখ টকালৈকে সর্বমুঠ উপার্জন থকা কৰ পৰিশোধকাৰী কৰাৰ পৰা বহির্ভূত হ’ব। (সর্বমুঠ উপার্জন সকলো কৰযোগ্য আৰু কৰ-বহির্ভূত যোগানৰ সৰ্বমুঠ মূল্যৰ অন্তৰ্ভুক্ত হ’ব, পণ্য সামগ্ৰী আৰু/অথবা সেৱাৰ যোগান আৰু ৰপ্তানি ইয়াৰ বহির্ভূত হ’ব আৰু জি এছ টি অর্থাৎ কৰা নালাগিব)।  সর্বভাৰতীয় পর্যায়ত সৰ্বমুঠ উপার্জন গণনা কৰা হ'ব। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আৰু ছিকিমৰ ক্ষেত্ৰত বহির্ভূত কৰণৰ অন্তিম সীমা হ’ব ৫ লাখ টকা। অন্তিম সীমাৰ বহির্ভূত কৰণৰ বাবে যোগ্য সকলো কৰদাতাই অর্জন কৰাৰ নিৰিখ (Input Tax Credit/ITC) অনুসৰি কৰ পৰিশোধ কৰাৰ সুযোগ লাভ কৰিব। আন্তঃৰাজ্যিক যোগান সম্পন্ন কৰা কৰদাতা বা ওলোটা মাচুলৰ ভিত্তিত(reverse charge basis) কৰ কৰা কৰদাতা অন্তিম সীমা বহির্ভূত কৰণৰ (threshold exemption) বাবে যোগ্য নহ’ব।

জি এছ টি প্রৱর্তনৰ কালত সামগ্ৰী আৰু সেৱা কেনেকৈ শ্রেণী বিভক্ত কৰা হ’ব ?

উত্তৰ: জি এছ টি প্রৱর্তন কালত সামগ্ৰী শ্রেণী বিভক্ত কৰিবৰ বাবে HSN(Harmonised System of Nomenclature) সংকেত ব্যৱহাৰ কৰা হ’ব। যিসকল কৰদাতাৰ উপার্জন ১.৫ কোটি টকাৰ অধিক কিন্তু ৫ কোটি টকাৰ কম, তেওঁলোকে ২টা অংকৰ সংকেত ব্যৱহাৰ কৰিব আৰু যিসকল কৰদাতাৰ উপার্জন ৫ কোটি টকা আৰু ততোধিক, তেওঁলোকে ৪ টা অংকৰ সংকেত ব্যৱহাৰ কৰিব। ১.৫ কোটি টকাৰ কম উপাৰ্জনৰ কৰদাতাসকলে তেওঁলোকে চালান (invoice)ত HSN সংকেত উল্লেখ কৰিব নালাগে। ছাৰ্ভিচেজ একাউণ্টিং ক’ড (SAC)ৰ নিয়মানুসৰি সেৱাসমূহ শ্রেণী বিভক্ত কৰা হ’ব।

জি এছাটিৰ অধীনত আমদানিৰ ওপৰত কেনেদৰে কৰাৰোপ কৰা হ’ব ?

উত্তৰ: সামগ্ৰী আৰু সেৱাৰ আমদানিক আন্তঃৰাজ্যিক যোগান হিচাপে গণ্য কৰা হ’ব আৰু দেশলৈ আমদানি হোৱা সামগ্ৰী আৰু সেৱাৰ ওপৰত আই জি এছ টি আৰোপিত হ’ব | কৰাৰোপনৰ ব্যৱস্থাত স্থান নীতি (destination principle) অনুসৰণ কৰা হ’ব আৰু এছ জি এছ টিৰ ক্ষেত্ৰত কৰ ৰাজহ সেই ৰাজ্যই লাভ কৰিব, য’ত আমদানিকৃত সামগ্ৰী আৰু সেৱা উপভোগ কৰা হয়। সামগ্ৰী আৰু সেৱাৰ আমদানিত জি এছ টি পৰিশোধ কৰোতে সম্পূর্ণ ব্যৱস্থা উপলব্ধ হ’ব।

জি এছ টিৰ অধীনত ৰপ্তানিক কেনেদৰে গণ্য কৰা হ’ব ?

উত্তৰ: ৰপ্তানিক শূণ্য নিৰিখৰ (zero rated) যোগান হিচাপে গণ্য কৰা হ’ব। সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিত কোনো কৰ দিব নালাগে, অৱশ্যে আহৰণ কৰ নিৰিখ বা Input Tax Credit পৰ্যাপ্ত হ’ব আৰু ৰপ্তানিকাৰীৰ পুন:প্ৰাপ্তি(refund) হিচাপে ই পর্যাপ্ত হ’ব। ৰপ্তানিকাৰীয়ে উপার্জন (output)ৰ ওপৰত কৰ পৰিশোধ কৰিবও পাৰিব। অথবা আই জি এছ টি পৰিশোধ নকৰাকৈ ব’ণ্ডৰ অধীনত ৰপ্তানি কৰিব পাৰিব আৰু ইনপুট টেক্স ক্রেডিট (আই টি চি) দাবী কৰিব পাৰিব।

জি এছ টিৰ অধীনত সংযোগ আঁচনি(composition scheme)ৰ পৰিসৰ কেনে হ’ব?

উত্তৰ: একোটা বিত্তীয় বৰ্ষত ৫০ লাখ টকালৈকে সর্বমুঠ উপার্জন থকা কৰদাতাই সংযোগ মাচুল (composition levy) দিব লাগিব। এই আঁচনিৰ অধীনত একোজন কৰদাতাই ITCৰ মুনাফা নোহোৱাকৈ বছৰটোত হোৱা তেওঁৰ উপাৰ্জনৰ এটা শতাংশ হিচাপে কৰ পৰিশোধ কৰিব। চি জি এছ টি আৰু এছ জি এছ টিৰ বাবে কৰাৰ মূল নিৰিখ (floor rate)। ১ শতাংশতকৈ কম নহ’ব। সংযোগ মাচুল দিব খোজা কৰদাতাই তেওঁৰ গ্ৰাহকৰ পৰা কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। আন্তঃৰাজ্যিক যোগান সম্পন্ন কৰা বা বিপৰীত মাচুল ভিত্তিত কৰ পৰিশোধ কৰি থকা কৰদাতা সংযোগ আঁচনিৰ বাবে যোগ্য নহ’ব।

সংযোগ আঁচনি ঐচ্ছিক নে বাধ্যতামূলক হ’ব ?

উত্তৰ: ঐচ্ছিক।

জি এছ টি এন কি আৰু জি এছ টি প্রৱর্তন কালত ইয়াৰ ভূমিকা কি ?

উত্তৰ: জি এছ টি এনৰ সম্পূৰ্ণ ৰূপ হৈছে Goods and Service Tax Network অর্থাৎ সামগ্ৰী আৰু সেৱা কৰ নেটৱৰ্ক। জি এছ টিৰ আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ জি এছ টি এন নামৰ এক বিশেষ উদ্দেশ্যধৰ্মী বাহন (Special Purpose Vehicle) প্রতিষ্ঠা কৰা হৈছে। জি এছ টি এনে জি এছ টি প্রযোজ্য কৰিবৰ বাবে কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰসমূহক, কৰদাতা আৰু অন্য অংশীদাৰসকলক এক অংশযুক্ত (shared) আই টি আন্তঃগাঁথনি আৰু সেৱা আগবঢ়াব। জি এছ টি এনৰ কাম হ’ব আন্তঃসম্পৰ্ক ৰক্ষা কৰা, ইয়াত অন্তৰ্ভুক্ত থাকিব: (১) পঞ্জীয়ন কৰা; (২) কেন্দ্রীয় আৰু ৰাজ্যিক কর্তৃপক্ষলৈ প্রতিদানবিলাক প্ৰেৰণ কৰা; (৩) আই জি এছ টিৰ হিচাপ আৰু নিম্পত্তি কৰা; (৪) বেংক সেৱাৰ সৈতে কৰ পৰিশোধৰ সবিশেষ মিলাই চোৱা; (৫) কৰদাতাৰ প্ৰতিদানৰ তথ্যৰ ভিত্তিত কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰসমূহলৈ বিভিন্ন এম আই এছ প্রতিবেদন প্ৰেৰণ কৰা; (৬) কৰদাতাৰ সবিশেষ তথ্যৰ বিশ্লেষণ প্রদান কৰা; আৰু (৭) অর্জন কৰ নিৰিখ বা Input Tax Crediৰ পুনৰ দাবী, পৰিৱর্তন আৰু মিলাবৰ বাবে মিলোৱা যন্ত্র চলোৱা।

জি এছ টি এনে এখন উমৈহতীয়া জি এছ টি প’ৰ্টেল আৰু পঞ্জীয়ন, ধনাদায় আৰু এম আই এছ/ৰিপ'ৰ্টৰ বাবে আবেদন প্রস্তুত কৰি আছে। জি এছ টি এনে চলিত কৰ প্ৰশাসন আৰু আই টি পদ্ধতিৰ সৈতে এই উমৈহতীয়া জি এছ টি প’ৰ্টেল সমন্বিত কৰি থকাৰ লগতে কৰদাতাসকলৰ বাবে তথ্যপ্রাপ্তিৰ ব্যৱস্থা কৰিব। পৰৱতী পর্যায়ত জি এছ টি এনে ১৯খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহ (দ্বিতীয় আৰ্হিৰ ৰাজ্য)ৰ বাবে কৰ নিৰ্ধাৰণ (assessment), হিচাপ-নিকাচ (audit), পুনৰ পৰিশোধ (refund), আবেদন (appeal) ইত্যাদিৰ দৰে পিছৰ সৰ্বশেষ পদ্ধতি (back-end systems) প্ৰস্তুত কৰিব। চি বি ই চি আৰু প্ৰথম আৰ্হিৰ (model I) ৰাজ্যবিলাকে (১৫খন ৰাজ্য) নিজাববীয়াকৈ তেওঁলোকৰ জি এছ টি পিছৰ সৰ্বশেষ পদ্ধতি প্রস্তুত কৰি আছে। পিছৰ সৰ্বশেষ পদ্ধতিৰ সৈতে জি এছ টিৰ সন্মুখৰ সর্বশেষ পদ্ধতি (front-end system)ৰ সমন্বিত কৰণ আৰু পৰীক্ষণৰ কাম আগতীয়াকৈ ভালদৰে কৰা হ’ব, যাতে সকলো লেনদেন সুচল হয়।

জি এছ টি প্রৱর্তনৰ কালত উৎপত্তি হোৱা বিবাদ কেনেদৰে মীমাংসা কৰা হ’ব ?

উত্তৰঃ সংবিধান (এশ একতম সংশোধন) আইন, ২০১৬ত কোৱা হৈছে যে যিকোনো বিবাদ মীমাংসা কৰিবলৈ পণ্য-সামগ্ৰী আৰু সেৱা কৰ পৰিষদে এটা ব্যৱস্থাপনা প্রতিষ্ঠা কৰিব। এই বিবাদবিলাক —

(ক) ভাৰত চৰকাৰ আৰু এক বা একাধিক ৰাজ্যৰ মাজত ; বা

(খ) ভাৰত চৰকাৰ আৰু এক বা একাধিক ৰাজ্য এফালে আৰু এক বা একাধিক ৰাজ্য। আনফালে; বা

(গ) দুখন বা ততোধিক ৰাজ্যৰ মাজত, পৰিষদৰ পৰামৰ্শাৱলী বা সেৱা ৰূপায়ণৰ বেলিকা উদ্ভৱ হ’লে।

সমিল মিলেৰে নিৰিখ নিৰ্ধাৰণৰ ব্যৱস্থাপনাৰ উদ্দেশ্য কি ?

উত্তৰ: চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ১৪৯ অনুসৰি প্ৰতিজন পঞ্জীভুক্ত লোকে নির্ধাৰিত নিৰিখ অনুসৰি একোটা সমিল মিলৰ নিৰিখ দিবলৈ বাধ্য হ’ব। এনেধৰণৰ নিৰিখবিলাক ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাটো উল্লেখ কৰা হ’ব। একোজন সম্ভাব্য কৰযোগ্য লোকে যোগনীয়াৰৰ এনে সমিল মিল নিৰিখ চাব পাৰিব আৰু একোজন নির্দিষ্ট যোগনীয়াৰৰ সৈতে লেনদেন কৰিব নে নকৰিব, সেই সিদ্ধান্ত ল’ব পাৰিব। এই ব্যৱস্থাই কৰযোগ্য লোকসকলৰ মাজত এক সুবিধাজনক প্রতিযোগিতাৰ সৃষ্টি কৰিব।

জি এছাটিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ যোগ্য কোনো দাবী থাকিবনে ?

উত্তৰ: চি জি এছ/এছ জি এছ টি আইনৰ অনুচ্ছেদ ২ (৫২) অনুসৰি দাবী কৰাৰ যোগ্যবিলাকক সামগ্ৰী হিচাপে গণ্য কৰা হ’ব। চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ৭ৰ সূচী-৩ত যিবিলাক লেনদেনক সামগ্ৰী বা সেৱাৰ যোগান হিচাবে গণ্য কৰা হোৱা নাই সেয়া উল্লেখ কৰা হৈছে। এনে ধৰণৰ লেনদেনবিলাকৰ ভিতৰত লটাৰী, বেটিং আৰু জুৱাৰ(গেমব্লিং) বাহিৰে অন্য কামৰ ক্ষেত্ৰত অনুসূচী তালিকা গ্রহণযোগ্য হ’ব। এনেদৰে কেৱল লটাৰী, বেটিং আৰু জুৱাক হে জি এছ টি পৰিসৰৰ অধীনত যোগান হিচাপে গণ্য কৰা হ’ব। বাকী সকলো ব্যৱস্থাযোগ্য দাবী যোগান হিচাপে গণ্য নহ’ব।

জি এছ টিত আমানতৰ লেনদেন কৰযোগ্য হ’বনে ?

উত্তৰ: আমানতবিলাকক সামগ্ৰী আৰু একেদৰে সেৱাৰ সংজ্ঞাৰ পৰা বিশেষভাৱে বাহিৰত ৰখা হৈছে। এনেকৈ, আমানতৰ ক্ষেত্ৰত হোৱা লেনদেন জি এছ টিৰ ক্ষেত্ৰত প্রযোজ্য নহয়।

তথ্য প্রতিদান (Information Return)ৰ ধাৰণা কি ?

উত্তৰ: মুক্ত তৃতীয়পক্ষ উৎসসমূহৰ পৰা উদ্ভূত তথ্যৰ পৰা পঞ্জীকৃত লোকসমূহৰ সমিল মিলৰ ওপৰত কৰা পুনৰীক্ষণৰ ধাৰণাৰ ওপৰত তথ্য প্রতিদান নিৰ্ভৰশীল। চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ১৫০ অনুসৰি, যিকোনো ধৰণৰ হিচাপ নিকাচৰ বিৱৰণ বা পঞ্জীয়নৰ তথ্য বা যিকোনো ধৰণৰ সময় সাপেক্ষ্য প্রতিদানৰ তথ্য বজাই ৰখা বা সামগ্ৰী অথবা সেৱাৰ লেনদেনৰ যিকোনোধৰণৰ কৰ পৰিশোধ বা অন্য সবিশেষ বা উভয়ৰে ক্ষেত্ৰত বেংক একাউণ্টৰ সৈতে জড়িত যিকোনো লেনদেন বা বিদ্যুৎ ব্যৱহাৰ বা সামগ্ৰী অথবা সম্পত্তিৰ ক্ৰয়-বিক্রয় বা লেনদেনৰ সৈতে জড়িত অথবা সংশ্লিষ্ট সময়ত বলবৎ হৈ থকা কোনো আইনৰ অধীনত কোনো সম্পত্তিৰ ওপৰত অধিকাৰ অথবা স্বাৰ্থ নিহিত হৈ থকা কর্তৃপক্ষ এনে সময়সীমা, এনে সময়ৰ ভিতৰত, এনে ৰূপত আৰু ধৰণত আৰু এনে কর্তৃপক্ষ অথবা উল্লিখিত সংস্থা ইয়াৰ আওতাত পৰিব। এনে কৰাত ব্যর্থ হলে অনুচ্ছেদ ১২৩ অনুসৰি দণ্ডৰ সন্মুখীন হ’ব লাগিব।

বেলেগ বেলেগ কোম্পানীৰ হিচাপ-নিকাচৰ বেলেগ বেলেগ ছফটৱেৰ পেকেজ আছে আৰু তথ্য সঞ্চয় কৰিবৰ বাবে কোনো নির্ধাৰিত ফৰমেট বাধ্যতামূলক নহয়। এনে জটিল ছফটৱেৰ অনুসৰণ কৰিবৰ বাবে বিভাগ কেনেদৰে সক্ষম হ’ব ?

উত্তৰ: চি জি এছ টি /এছ জি এছ টি আইনৰ অনুচ্ছেদ ১৫৩ অনুসৰি, একোটা বিষয়ৰ প্ৰকৃতি আৰু জটিলতাৰ প্ৰতি মনোনিবেশ কৰি আৰু ৰাজহৰ স্বর্থত, বিভাগে যিকোনো ৰাজ্যৰ বিশেষজ্ঞৰ পৰা পৰীক্ষা-নিৰীক্ষা, তদন্ত, অনুসন্ধান বা অন্য যিকোনো পদক্ষেপ গ্ৰহণ কৰিব পাৰিব।

গ্রহণ কৰোতাই ওভতাই দিয়া সামগ্ৰীৰ কৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত জি এছ টিত কিবা বিধান আছেনে ?

উত্তৰ: হয়, অনুচ্ছেদ ৩৪ত এনে পৰিস্থিতিৰ বৰ্ণনা আছে। গ্রহণ কৰোতাই যেতিয়া যোগান ধৰাৰ সামগ্ৰী ওভতাই দিয়ে, তেনে ক্ষেত্ৰত পঞ্জীকৃত লোকজনে (সামগ্ৰীৰ যোগনীয়াৰ) গ্রহণ কৰোতাক নির্ধাৰিত বিষয়সূচী সন্নিবিষ্ট এক ‘ক্রেডিট নোট’ দিব পাৰে। উক্ত ‘ক্রেডিট নোট’ৰ সবিশেষ যোগনীয়াৰে কোন মাহৰ প্ৰতিদানৰ বাবে দিয়া হৈছে তাৰ সবিশেষ ঘোষণা কৰিব লাগিব কিন্তু যি বছৰত এনে যোগান ধৰা হৈছিল সেই বছৰৰ ছেপ্টেম্বৰৰ পিছত নহয় অথবা প্ৰাসংগিক বার্ষিক প্রতিদান দাখিল কৰাৰ তাৰিখ, যিটোৱেই আগত হয়। এনে ‘ক্রেডিট নোট’ৰ সবিশেষ গ্রহণ কৰোতাই একে কৰ সময়সীমাৰ বাবে দাখিল কৰা বৈধ প্রতিদানৰ সৈতে সাপেক্ষ্য কর্তনৰ সংগতিপূর্ণ হ’ব লাগিব বা যিকোনো পৰৱৰ্তী কৰ সময়সীমাৰ সৈতে সামঞ্জস্য থাকিব লাগিব আৰু গ্রহণ কৰোতাই আই টি চিৰ ক্ষেত্ৰত দাবী কৰা সাপেক্ষ্য কর্তন সামঞ্জস্যপূর্ণ হ’ব লাগিব আৰু উভয় পক্ষই চূড়ান্তভাৱে ইয়াক মানি ল’ব লাগিব আৰু আদান প্রদান কৰিব লাগিব।

এন্টি-প্ৰফিটীয়েৰিং (Anti-Profiteering) ব্যৱস্থা কি?

উত্তৰ: চি জি এছ টি / এছ জি এছ টি আইনৰ অনুচ্ছেদ ১৭১ অনুসৰি, যিকোনো ধৰণৰ সামগ্ৰী অথবা সেৱাৰ যোগান অথবা ‘ইনপুট টেক্স ক্রেডিট’ৰ ওপৰত যিকোনো ধৰণৰ কৰৰ ৰেহাই দামৰ ক্ষেত্ৰত সমান কৰ্তনৰ পদ্ধতিত গ্রহণ কৰোতাক অনুমোদন দিয়া হ’ব। কোনো পঞ্জীভুক্ত লোকে লাভ কৰা ‘ইনপুট টেক্স ক্রেডিট’ বা কৰাৰ নিৰিখৰ ক্ষেত্ৰত লাভ কৰা ৰেহাই সন্দৰ্ভত তেওঁ যোগান ধৰা কোনো সামগ্ৰী অথবা সেৱা বা উভয়ৰে ক্ষেত্ৰত সমমূল্য সন্দৰ্ভত লাভ কৰিবলগা ৰেহাইৰ ক্ষেত্ৰত পৰীক্ষা কৰিবলৈ চৰকাৰে একোটা কর্তৃপক্ষক দায়িত্ব দিব পাৰে।

উৎস : vikaspedia.in
সামগ্ৰী আৰু সেৱা কৰ(জি এছ টি / GST) Reviewed by Mypaisa on August 15, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.