Top Ad unit 728 × 90

Breaking News

random

কম খৰচত পোনা উৎপাদন

মীন পালনৰ প্ৰধান উপাদান হ’ল উন্নতমানৰ মীন পোনা। শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন জিলাত মীন পোনা উৎপাদনৰ দিশত এক জাগৰণ আহিছে যদিও উপযুক্ত সময়ত সঠিক আকাৰৰ মীন পোনাৰ অভাৱে ৰাজ্যখনৰ মীনপালকৰ বাবে প্ৰধান অন্তৰায় হিচাপে দেখা দিছে। ৰাজ্যখনত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত প্ৰায় ৩০০টা ইক’হেচ্চাৰী আছে আৰু হাপা ব্ৰিডিং তথা এই ইক’হেচ্চাৰীবোৰৰ জৰিয়তে ৰজ্যখনত বছৰি প্ৰায় ৩০০ কোটি ফ্ৰাই মীন পোনা উৎপাদন হয়। কিন্তু একো একোটা ইক’হেচ্ছাৰীৰ নিৰ্মাণ ব্যয় কেইবালাখ টকা হয় আৰু ইয়াৰ বাবে যথেষ্ট ভূমিৰো প্ৰয়োজন হয়। শেহতীয়াকৈ ভুবনেশ্বৰস্থিত কেন্দ্ৰীয় অলৱণীয় জলসংবৰ্ধন প্ৰতিষ্ঠানে কাৰ্পজাতীয় মাছ আৰু মাগুৰ মাছৰ পোনা উৎপাদনৰ বাবে নিৰ্মাণ কৰি উলিওৱা এফ আৰ পি কাৰ্প হেচ্ছাৰী সমগ্ৰ দেশজুৰি যথেষ্ট জনপ্ৰিয় হৈ উঠিছে। এফ আৰ পি হেচ্ছাৰী হ’ল Fibreglass Reinforced Plastic নামৰ পদাৰ্থৰে নিৰ্মিত এবিধ হেচ্ছাৰী। এই হেচ্ছাৰীৰ সুবিধাসমূহ হ’ল-
  • প্ৰয়োজন অনুসাৰে এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা যায়।
  • অতি কম ঠাইতে হেচ্ছাৰীটো স্থাপন কৰিব পাৰি।
  • প্ৰয়োজন অনুসাৰে সহজে মেৰামতি কৰিব পাৰি আৰু ১০-১৫ বছৰলৈকে কাৰ্যক্ষম হৈ থাকে।
  • দুই-আঢ়ৈ লাখ টকাৰ ভিতৰতে হেচ্ছাৰীটো স্থাপন কৰিব পাৰি।
এফ আৰ পি কাৰ্প হেচ্ছাৰীৰ অংশসমূহ হ’ল-

    ব্ৰিডিং পুলঃ



ব্ৰিডিং পুল ২.১৫ মিটাৰ ব্যাস, ০.৯ মিটাৰ উচ্চতা আৰু ৩,৫০০ লিটাৰ পানী ধাৰণ ক্ষমতাসম্পদ। এনে ব্ৰিডিং পুলত ১০-১২ কিলোগ্ৰাম প্ৰজনন কৰাব পাৰি।

    হেচ্ছিং/ইনকুবেচন পুলঃ



১.৪ মিটাৰ ব্যাসৰ, ০.৯৮ মিটাৰ উচ্চতাৰ এই হেচ্ছিং/ইনকুবেচন পুলৰ হাঁহৰ ঠোঁটৰ নিচিনা নলীৰ দ্বাৰা পানী আগমন হৈ পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থাকে। প্ৰায় ১ মিলিয়ন কণী ফুটাব পৰাৰ ব্যৱস্থা থকা এনে একোটা হেচ্ছিং পুলত ৮০-৯০ শতাংশ পোনা পাব পাৰি।

    কণী/স্প’ন সংগ্ৰহ পুলঃ



সাধাৰণতে ১.০ মিটাৰ × ০.৫ মিটাৰ × ০.৫ মিটাৰ জোখৰ এনে পুলৰ ধাৰণ ক্ষমতা ২৫০ লিটাৰ।

    পানী ধাৰকঃ



প্ৰায় ২,০০০ লিটাৰ পানী ধাৰক এটাত ৫ অশ্বক্ষমতা পাম্পৰ জৰিয়তে পানী উঠাই থকাৰ ব্যৱস্থা কৰিব লাগে। এফ আৰ পি কাৰ্প হেচ্ছাৰীৰ ১ মিলিয়ন স্প’ন উৎপাদন ক্ষমতা মানে এটা ব্ৰিডিং পুল আৰু হেচ্ছিং পুল। দুই মিলিয়ন স্প’ন উৎপাদন ক্ষমতা মানে এটা ব্ৰিডিং পুল আৰু দুটা হেচ্ছিং পুল।
এফ আৰু পি কাৰ্প হেচ্ছাৰীৰ লগতে মাগুৰ এফ আৰ পি হেচ্ছাৰীৰ জৰিয়তে বহু মীন পোনা উৎপাদনকাৰীয়ে স্থানীয় মাগুৰ মাছৰ পোনা উৎপাদনত সফলতা লাভ কৰিছে। যিহেতু গুণগত মানৰ মীন পোনাৰ ৰাজ্যখনত যথেষ্ট জনপ্ৰিয়তা আছে।



লিখকঃ ড সঞ্জয় শৰ্মা, অসমীয়া খবৰ
কম খৰচত পোনা উৎপাদন Reviewed by Mypaisa on August 16, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.