Top Ad unit 728 × 90

Breaking News

random

পাণ-ভোট জলকীয়া বিক্ৰীৰে মাহিলী উপাৰ্জন ৬৫,০০০ টকা।

পাণ-ভোট জলকীয়া বিক্ৰীৰে মাহিলী উপাৰ্জন ৬৫,০০০ টকা।

ৰাজ্যখনত শিক্ষিত যুৱক-যুৱতী সকলক চৰকাৰী সংস্থাপনহীনতাই চিন্তিত কৰি তুলিছে। ফলত শিক্ষিত যুৱ প্ৰ্জন্মই চৰকাৰী চাকৰিলৈ বাট নাচাই বহিঃৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাট বিচাৰি ঢাপলি মেলাও পৰিলক্ষিত হৈছে। তেনে সময়তে ডিব্ৰুগড় জিলাৰ লেঙেৰী অঞ্চলৰ নহোলা গাঁৱৰ এজন শিক্ষিত যুৱকে বেংকৰ ঋণ তথা চৰকাৰী চাকৰিলৈ বাট নাচাই কৃষিকৰ্মৰ যোগেদি স্বাৱলম্বী হৈ আশাৰ বতৰ কঢ়িয়াই আনিছে। নিজৰ বাৰীতে কুইন প্ৰজাতিৰ ভোট জলকীয়া আৰু জাতি পাণৰ খেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰা এইজন যুৱকৰ নাম কৃষ্ণ গগৈ। পোনাৰাম গগৈৰ দ্বিতীয় পুত্ৰ কৃষ্ণই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈয়ে কৃষিকাৰ্য্যত জড়িত হৈ পৰিছিল। কোনো প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈয়ে প্ৰায় এবিঘা মাটিত ২,০০০ জোপা ভোট জলকীয়া খেতি কৰি এই বছৰৰ এপ্ৰিল-মে’ মাহত বজাৰত বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। মাহে ভোট জলকীয়া বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। মাহে ভোট জলকীয়া বিক্ৰী কৰি ৩৫,০০০ টকালৈকে উপাৰ্জন কৰে গগৈয়ে’। কোনোধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ প্ৰতি কেজিত ৩৫০ টকাকৈ পাইকাৰী গ্ৰাহকসকলক যোগান যোগান ধৰি আহিছে। বৰ্তমান গগৈৰ বাৰীত শ শ ভোট জলকীয়া দেখিবলৈ পোৱা যায়। ইপিনে ভোট জলকীয়াৰ মাজে মাজে গোমধানৰ খেতি কৰিও যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে গগৈয়ে সাত-আঠ বছৰ ধৰি জাতি পাণৰ খেতিৰে মাহে ৩০,০০০ টকাকৈ বছৰত প্ৰায় ৩-৪ লাখ টকা উপাৰ্জন কৰি আহিছে। একাগ্ৰতা আৰু কঠোৰ শ্ৰমেৰে দিনটোৰ অধিক সময় গগৈয়ে নিজৰ বাৰীতে কাম কৰি ব্যস্ত হৈ থকাৰ উপৰি চাহখেতিটো ব্যস্ত।
পাণ-ভোট জলকীয়া বিক্ৰীৰে মাহিলী উপাৰ্জন ৬৫,০০০ টকা। Reviewed by Mypaisa on August 17, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.