Top Ad unit 728 × 90

Breaking News

random

ইন্টাৰনেটৰ বিষয়ে ভালদৰে জানক Know About Internet

ইন্টাৰনেট কি? What is Internet ?
ইন্টাৰনেট হ’ল বিভিন্ন নেটৱৰ্কৰ এক আন্তস্ংযোগ ব্যৱস্থা। ইয়ে বিশাল পৰিমানৰ কম্পিউটাৰ, কম্পিউটাৰ নেটৱৰ্ক বিভিন্ন তাঁৰৰ মাধ্যমৰ অবিহনে স্ংযোগ সাধন হোৱা ব্যৱস্থাকে বুজায়। ইন্টাৰনেটৰ ভিন্ন স্ংজ্ঞা আছে কিন্ত এই সকলোবোৰে সেই একে অৰ্থকে সুচায়।
স্ংজ্ঞা ১: ই হ’ল বিভিন্ন দেশত সিঁচৰিত হয় থকা কম্পিউটাৰৰ তথ্যৰ নেটৱৰ্কৰ মাধ্যমৰে আন্ত যোগাযোগ মাধ্যম।
স্ংজ্ঞা ২: ইয়ে সমগ্ৰ বিশ্বযুৰি বিভিন্ন কম্পিউটাৰৰ নেটৱৰ্কৰ মাজত তথ্য আদান-প্ৰদান কৰা অৰ্থকো বুজায়।
স্ংজ্ঞা ৩: ইয়ে সমগ্ৰ বিশ্বব্যাপি স্ংযোগ সাধন হোৱা বিভিন্ন কম্পিউটাৰৰ নেটৱৰ্ক এনে এক মাধ্যমকে বুজায় য’ত এই নেটৱৰ্কত স্ংলগ্ন যিকোনো ব্যক্তিয়েই এজনে ইজনৰ তথ্য পঢ়িব বা চাব পাৰি।
ইন্টাৰনেট শব্দটোৱে সাধাৰণতে বিভিন্ন কম্পিউটাৰ নেটৱৰ্কৰ মাজৰ যোগাযোগ ব্যৱস্থাকে বুজায়। ইন্টাৰনেটত বিশ্বৰ সৰু সৰু নেটৱৰ্কৰ সমষ্টিৰ কথাকে বুজায়। ইন্টাৰনেটক সমগ্ৰ বিশ্বৰ কম্পিউটাৰ নেটৱৰ্ক এক শাৰীৰিক অবয়ৱ বুলি অভিহিত কৰে। এইটো কম্পিউটাৰ আৰু তাঁৰৰ এক যুগ্ম অৱস্থা। যদিও ইন্টাৰনেট ১৯৬০ চনতে পৰিক্ষামূলকভাৱে সৈনিকৰ যোগাযোগৰ ব্যৱস্থাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল কিন্ত লাহে লাহে ৭০,৮০লৈ সাধাৰণ নাগৰিকৰ ব্যৱহাৰিক অংশস্বৰুপে ব্যৱহাৰ হ’বলৈ লয়। ইন্টাৰনেটৰ কোনো গৰাকী নাই বা কোনো এনে কৰ্ত্তৃপক্ষ নাই যিয়ে ইয়াক কাৰ্য্যবিধিক পৰিচালিত বা নিয়ন্ত্ৰিত কৰিব পাৰে।

ইন্টাৰনেটৰ লগত ৱেবৰ পাৰ্থক্য কেনেকুৱা? Difference between Internet and Web.



১৯৮৯ চনত ইন্টাৰনেটক বিশাল ৱৰ্লড্‌ ৱাইড ৱেব হিচাপে উন্মোচিত কৰা হৈছিল। ৱেব হ’ল বিশাল পৰিমানৰ সংগ্ৰহীত HTML পৃষ্ঠা যি ইন্টাৰনেট হাৰ্ডৱেৰৰ যোগেদি পৰিবাহিত কৰা হয়। ৱৰ্ল ৱাইড ৱেব হ’ল ইন্টাৰনেটৰ এটা সৰু অংশ তথা ইন্টাৰনেটে বহু ধৰণৰ অন্য বেলেগ তথ্যক সামৰি লয় যিবোৰ ৱেব পৃষ্ঠাতকৈ বেলেগ।

ৱেব হ’ল এটা চফটৱেৰ আহিলা বা সেৱা যি ইন্টাৰনেটত ব্যৱহাৰ হয়। ৱেব পৃষ্ঠাবোৰ হ’ল বিভিন্ন তথ্য পাতিৰ সমষ্টি। ইয়ে বিশ্বৰ বিভিন্ন তথ্যৰ কম্পিউটাৰৰ মাধ্যমৰে যোগান ধৰে। ইন্টাৰনেট আৰু ৱেবক দুটা ভিন্ন ৰুপ বুলি ব্যক্তি বিশেষে অভিহিত কৰে। যিটো কাৰিকৰী দিশৰে চাব গ’লে ভূল বুলি গণ্য হ’ব কিয়নো ৱেব পৃষ্ঠাবোৰৰ দ্বাৰাই ইন্টাৰনেট গঠিত।

কি হয় ৱেৱ ১.০/ ৱেৱ ২.০ আৰু অদৃশ্য ৱেব?



ৱেব ১.0: যেতিয়া ১৯৮৯ চনত টিম বেনেৰাছ লিয়ে ৱৰ্ল ৱাইড ৱেব উন্মোচন কৰিছিল তেতিয়া ই কিছুমান সাধাৰণ Text আৰু Grafix ইলেক্ট্ৰনিকছৰ পত্ৰিকাৰ সমষ্টি আছিল। ৱেবক এক সাধাৰণ তথ্য যোগাযোগ মাধ্যম হিচাপে গঠন কৰা হৈছিল। আমি আজি এই সাধাৰণ পৰিস্ংখ্যামূলক আৰ্হিক ৱেব ১.0 অভিহিত কৰো। আজিও নিযুত সংখ্যক ৱেব পৃষ্ঠা এতিয়াও সম্পূৰ্ণৰূপে পৰিসংখ্যামূলক আৰু ৱেব ১.0 স্ংজ্ঞা এতিয়াও প্ৰযোজ্য।
ৱেব ২.0: ১৯৯০ চনৰ শেষৰ ফালে ৱেব ধাৰণাটো পৰিসংখ্যা উপাদানতকৈ এখোজ আগুৱাই বিভিন্ন মনোৰঞ্জনীয় সেৱা দিশলৈ অগ্ৰগতি প্ৰদান কৰা। মাথো ৱেব পত্ৰিকা বা ৱেব পৃষ্ঠা সেৱা প্ৰদান কৰাৰ পৰিৱৰ্তে ৱেভে অনলাইন যোগে কিছুমান ছফটৱেৰৰ দ্বাৰা সাধাৰণ গ্ৰাহকক গ্ৰাহক সমন্ধীয় সেৱা দিবলৈ আৰম্ভ কৰে। অনলাইন বেংক সুবিধা, ভিডিও গেম, চ’চিয়েল মিডিয়া, বিভিন্ন ই-মেইল সেৱা আদি সেৱা ৱেব লাহে লাহে সামৰি লয় ২০০০ চনলৈকে। এতিয়া এই সকলোবোৰ অনলাইন সেৱাক ৱেব ২.0 বুলি অভিহিত কৰে। বৰ্তমান ফেচবুক, ইৱে, ফ্লিকাৰ আদি সেৱাই আমাক ৱেব ২.0 জীৱনৰ অপৰিহাৰ্য্য অংশ হৈ পৰিছে।

অদৃশ্য ৱেব হৈছে ৱৰ্লড্‌ ৱাইড ৱেবৰ তৃতীয় অংশ



কাৰিকৰীভাৱে ৱেব ২.0 য়ে সেই সকলোবোৰ উদ্দেশ্য প্ৰনোতিভাৱে লুকাই থকা ৱেব পৃষ্ঠাৰ সমষ্টিকে বুজায় যাক আমি সাধাৰণতে নিয়মিতভাৱে ৱ্যৱহাৰ কৰা search engines বিচাৰি নাপাও। সাধাৰণতে এই অদৃশ্য ৱেব পৃষ্ঠাবোৰ হ’ল কোনো ব্যক্তিগত লোকৰ বা প্ৰ্তিষ্ঠানৰ গোপনীয় ই-মেইল, ৱেব পৃষ্ঠা, তথা বেংকৰ তথ্য আদি ।এই অদৃশ্য ৱেব পৃষ্ঠাবোৰ সাধাৰণতে আমাৰ সহজতে চকুত নপৰে তথা ইয়াক বিচাৰিবলৈ কিছুমান বিশেষ search engine সহায়ৰ আৱশ্যক হয়।

ৱেবচাইট কি হয়?
যিকোনো ৱেবচাইট বিভিন্ন আন্তসংযোগী ৱেব পৃষ্ঠাৰে গঠিত যি hyperlink মাধ্যমৰে স্ংযোজিত হৈ আমাক আমাৰ ধৰণে ৱেব পৃষ্ঠাৰ উপাদানবোৰ বিচাৰি উলিয়াওত সহায়ক হয়। আমি ৱেব-লিংকৰ মাধ্যমৰে বিভিন্ন প্ৰয়োজনীয় স্বাস্থ্য, শিক্ষা, যোগাযোগ ব্যৱস্থা, মনোৰঞ্জন স্ংগীত, ছবি আদি অনেক ধৰণৰ সেৱা লাভ কৰোঁ। ইন্টাৰনেটত এনেকুৱা এক নিযুত বা তাতোকৈ ৱেব পৃষ্ঠা আছে যাৰ দ্বাৰা আপুনি আপোনাৰ মন পছ্ন্দৰ সেৱা লাভ কৰিব পাৰে।
ৱেব ঠিকনা
সকলো ৱেবচাইটৰে এক সুনিৰ্দিষ্ট ঠিকনা উপলব্ধ থাকে যাক আমি সাধাৰণতে URL বুলি কওঁ। আমি যিকোনো এটা ৱেব পৃষ্ঠালৈ যাবলৈ হ’লে সেই ৱেব পৃষ্ঠাটোৰ সুনিৰ্দিষ্ট ঠিকনাটো সেই search engine টোত ঠিকনা বাৰত লিখি দিব লাগিব।
ইন্টাৰনেটৰ ব্যৱহাৰ
ইন্টাৰনেটত প্ৰধানভাৱে যোগাযোগ, শিক্ষা, তথ্যৰ আদান প্ৰদান, ৱ্যৱসায়, জ্ঞান আদি আহৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হয়।
ইন্টাৰনেট কেৱল মাথো কোনো প্ৰতিষ্ঠান বা সংগঠনৰ কোনো তথ্য বা বিজ্ঞাপন প্ৰকাশ কৰাৰ অৰ্থতে ব্যৱহাৰ নহয় যিকোনো মানুহে কোনো ৱেবচাইট সৃষ্টি কৰি তেওঁৰ প্ৰয়োজনীয় তথ্য বা বিজ্ঞাপন সেই ৱেবচাইটত প্ৰকাশ কৰিব পাৰে।
পৃথিৱীৰ অনেক লোকে ইন্টাৰনেটৰ মাধ্যমৰে বিভিন্ন খবৰ, তথ্য বা বাতৰি আদি ঘৰতে বা কাৰ্য্যালত বা বিদ্যালয়তে বহি জানিব পাৰে।
ইন্টাৰনেট হ’ল সমগ্ৰ বিশ্বৰ বিভিন্ন কম্পিউটাৰ নেটৱৰ্কৰ লগত জড়িত কম্পিউটাৰসমূহৰ এক উমৈহতীয়া মঞ্চ যাৰ মাধ্যমৰ দ্বাৰা বিভিন্ন তথ্যৰ আদান প্ৰদান কৰাত সহায় কৰে। ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে ভিন্ন ধৰনৰ স্ংবাদ বা তথ্য ভিন্ন ধৰণেন ইয়াক প্ৰকাশ কৰিব পাৰে। যেনে:
  • ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে যিকোনো সাধাৰণ কম্পিউটাৰ ব্যৱহাৰৰ যোগেদি নিজৰ জ্ঞান প্ৰকাশ কৰিব পাৰি।
  • আমি ইন্টাৰনেটৰ মাধ্যমেদি ই-মেইলৰ দ্বাৰা অতি সহজে আমি পৰিয়াল, বন্ধু-বান্ধৱলৈ যিকোনো বাৰ্তা প্ৰেৰণ কৰিব পাৰো যিটো ডাক ব্যৱস্থাৰ দ্বাৰা চিঠি প্ৰেৰণ কৰা লগত একে। আমি ই-মেইল বাৰ্তা মুহুৰ্ততে যিকোনো ঠাইলৈ প্ৰেৰণ কৰিব পাৰোঁ য’ত কোনো ডাক টিকটৰ আৱশ্যক নহয়।
  • আমি যিকোনো বাৰ্তা ইন্টাৰনেটৰ উপলব্ধ কৰিব পাৰোঁ আৰু যাক আনে চাব পাৰে আৰু তাৰ উত্তৰণ ঘটাব পাৰে।
  • আমি ইন্টাৰনেটত বিভিন্ন ছবি, সংগীত আদি দেখিবলৈ সক্ষম হওঁ।
  • আমি ইণ্টাৰনেটৰ মাধ্যমেদি দূৰণিবতীয়া শিক্ষা প্ৰদান তথা ৱেবত উপলব্ধ বিভিন্ন প্ৰ্শিক্ষন কাৰ্যসূচীত ভাগ ল’ব পাৰোঁ।

ইন্টাৰনেটৰ বৈশিষ্ট্



ক) ভৌগলিকভাৱে বিস্তৃত
  • ইন্টাৰনেট ভৌগলিকভাৱে সমগ্ৰ পৃথিৱীতে বিস্তৃত্ব। ইন্টাৰনেটৰ এটা মূল বৈশিষ্ট হ’ল যদি আমি কোনো এবাৰ ইন্টাৰনেটৰ লগত যিকোনো ঠাইৰ পৰা যোগাযোগ স্থাপন কৰো তেন্তে আমি লগে লগে সমগ্ৰ পৃথিৱীৰ লগতে স্ংযোগ স্থাপন হৈ পৰিম।
  • খ) ইন্টাৰনেটৰ আকৃতি
  • ইন্টাৰনেটৰ মূল আকৃতি হ’ল কম্পিউটাৰ নেটৱৰ্ক ৱ্যৱস্থাৰ মাধ্যমৰ দ্বাৰা এক উত্তম যোগাযোগ ব্যৱস্থা। কোনো ব্যক্তিৰ ব্যক্তিগত কম্পিউটাৰ বা নেটৱৰ্ক অচল অৱস্থা হলেও ইন্টাৰনেটৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে।
গ) বিশ্বযুৰি ইয়াৰ প্ৰসাৰতা
  • ইন্টাৰনেটত যিকোনো তথ্য স্ংগীত, ছবি আদি আন অন্যলোকৰ বাবে উপলব্ধ কৰিবলৈ কম খৰচতে এক অতি উত্তম মাধ্যম। ইন্টাৰনেটৰ লগত যিকোনো ব্যক্তিয়েই যিকোনো ঠাইৰ পৰা স্ংযোগ কৰিব পাৰে। ইয়াৰ দ্বাৰা পৃথিৱীৰ যিকোনো কম্পিউটাৰ লগত স্ংযোগ স্থাপন ঘটাব পাৰি আৰু বিভিন্ন মনোৰঞ্জন একেখন চকীতে বহী উপভোগ কৰিব পাৰি।
ইন্টাৰনেটৰ সুবিধা
ইন্টাৰনেটৰ বহুতো সুবিধা আছে সেইবোৰ হ’ল:
  • ইন্টাৰনেট বিভিন্ন তথ্য আৰু বহল পৰিসৰৰ সংবাদৰ এক সমষ্টি।
  • উপলব্ধ search engine বোৰ অতি দ্ৰুত আৰু শক্তিশালী।
  • ইয়াক ব্যৱহাৰ কৰিবলৈ সহজ।
  • শিক্ষাৰ্থীয়ে বিভিন্ন তথ্য ইয়াৰ দ্বাৰা সহজে ল’ব পাৰি ইয়াৰ তথ্যৰ ব্যাপকতা দ্বাৰা।
  • শিক্ষাৰ্থীসকল ইয়াৰ দ্বাৰা অনলাইন ব্যৱস্থাৰ দ্বাৰা নিজৰ যিকোনো কাৰ্য্য প্ৰকাশ কৰিব পাৰি।
  • ইন্টাৰনেটে ভিন ভিন শিক্ষণ প্ৰনালী সামৰি লয়।
  • ৱেব মাধ্যমত প্ৰচাৰিত যিকোনো তথ্য সময়ৰ লগত পৰিৱৰ্তনশীলতা মানি লয় যিটো সাধাৰণতে কাগজৰ ক্ষেত্ৰত প্ৰকাশিত তথ্য প্ৰযোজ্য নহয়।
  • যেতিয়া কোনো ই-মেইল বাৰ্তা কাৰোবালৈ বহু দূৰলৈ প্ৰেৰণ কৰা হয় ইয়াত কোনো ভেজাল বা বেমেজালি হোৱাৰ আংশাকা নাথাকে।
  • ইয়াৰ দ্বাৰা শিক্ষাৰ্থীয়ে সমগ্ৰ পৃথিৱীৰ পুথিভঁৰালৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে তথা নিজৰ উৎকৰ্ষ সাধন ঘটাব পাৰে।
ইন্টাৰনেট হৈছে এক বিশাল শ্ৰেণীকোঠা য’ত শিক্ষাৰ্থীৰ বাবে যথেষ্ঠ শিক্ষাৰ সমল উপলব্ধ যি সমল বিদ্যালয়ৰ পুথিভঁৰালৰ পুথিতকৈ উন্নত। ইয়াৰ মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন দেশ-বিদেশৰ খবৰ, চৰকাৰী আঁচনি, বিজ্ঞানভিত্তিক খবৰ আদিৰ তথ্যৰ জ্ঞান লাভ কৰিব পাৰে। তাৰোপৰি বিদ্যালয়ৰ উচ্চ পৰ্য্যায়ত ইয়াক যিকোনো project research ৰূপত ব্যৱহাৰ কৰিব পাৰে।
ইন্টাৰনেট হ’ল এক অতি কাৰ্য্যকৰী যোগাযোগ তথা শিক্ষণ ব্যৱস্থা যাৰ দ্বাৰা শিক্ষাৰ্থীক বিভিন্ন উপযোগী শিক্ষা প্ৰদান কৰিব পাৰি। ইয়াৰ মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে ব্যাপক ৰূপত কোনো বিশেষ বিষয়ত বিভিন্ন শিক্ষণ প্ৰযুক্তি বা প্ৰণালীৰ দ্বাৰা নিজৰ শৈক্ষিক আৰু মানসিক উৎকৰ্ষৰ বিকাশ সাধন কৰিব পাৰি।
ইন্টাৰনেটৰ উপযোগীতা:
ইন্টাৰনেট হ’ল এক সময় উপযোগী আহিলা যাৰ দ্বাৰা শিক্ষকে পাঠ্যক্ৰমৰ পৰিধি বিস্তৃত ৰূপত বিকাশ সাধন ঘটাব পাৰি। এই শিক্ষণ প্ৰনালীৰ দ্বাৰা কিমান উপকৃত হ’ব পাৰি সেইটো নিৰ্ভৰ কৰিব কিমান সহজতে আৰু কিমান সোনকালে শিক্ষকে সঠিক তথ্য স্ংগ্ৰহ কৰিব পাৰিব। ইন্টাৰনেটত তথ্য সন্ধান কৰাটো এই চেষ্ঠাৰ দ্বাৰা উন্নত কৰিব পাৰি। বিদ্যাল্যয়ৰ যিকোনো পাঠ্যক্ৰমৰ তথ্য সঠিক উত্তৰ তথা সমপযোগী হৈছে নে নাই তাৰ সঠিক বিশ্লেষণ অধিক ব্যাপক বা শুদ্ধ ৰূপত ইয়াৰ দ্বাৰা লাভ কৰিব পাৰি। ইন্টাৰনেটত যিহেতু যিকোনো এটা বিষয়ৰ ওপৰত অধিক সংখ্যক উপাদান উপলব্ধ সেয়ে ইয়াৰ উচিত আৰু শুদ্ধ উত্তৰ বিচাৰিটো সহজ আৰু উপযোগী আহিলা।
ইন্টাৰনেট হ’ল এনে এক যোগাযোগৰ মাধ্যম যাৰ দ্বাৰা শিক্ষক আৰু শিক্ষাৰ্থীয়ে নিজৰ যোগাযোগ কলাৰ উন্নত সাধন কৰিব পাৰি। তাৰোপৰি ইন্টাৰনেট হ’ল ভাষাৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি কৰা এক প্ৰধান আহিলা। ই-মেইল, ছাটিং, গ্ৰোপ আলোচনা আদি মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে সাধাৰণ লিখিত জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। ইয়ে শিক্ষকক নিজৰ শিক্ষণ শৈলীত ভিন্নতা অনাত সহায়ক কৰে যি সাধাৰণ শিক্ষণ শৈলীতকৈ পৃথক।
ইন্টাৰনেটৰ সম সহযোজন শিক্ষণ ব্যৱস্থাৰ সুবিধাই শিক্ষাৰ্থীৰ শিক্ষামূলক দক্ষতা বৃদ্ধি কৰাৰ সহায় কৰিছে। ইয়ে বিভিন্ন দেশৰ, অঞ্চলৰ শিক্ষাৰ্থীৰ মাজত ই-মেইল, ছাটিং আদিৰ দ্বাৰা সংযোগ স্থাপন কৰি শিক্ষাৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ঠ অৰিহণা যোগাইছে। এইদৰে ইন্টাৰনেট বৰ্তমান আন্ত:সমন্বয় মাধ্যমেদি শিক্ষা প্ৰদান কৰা এক প্ৰধান শৈলীৰুপে শিক্ষকে ব্যৱহাৰ কৰিব পাৰে।
ব্যক্তিগত দিশ:
বহু শিক্ষাৰ্থী দক্ষতা বৃদ্ধি কৰে ইণ্টাৰনেটে। তেওঁলোকে কম্পিউটাৰ লগত অভ্যস্ত তথা কম্পিউটাৰৰ এটা ক্লিকতে উপলব্ধ হোবা বিভিন্ন আকৰ্ষণীয় ছবি বা খবৰ লাভ কৰি সহজে আনন্দিত হয়। অলপতে হৈ যোৱা এটা চাৰ্ভেই এটা কথা প্ৰতিপন্ন কৰিছে যে ৯০% শিক্ষাৰ্থীয়ে কম্পিউটাৰৰ লগত জড়িত ঘৰত অথবা বিদ্যালয়ৰ চৌহদত। আনৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পৰা সুবিধাই শিক্ষাৰ্থীক ইয়াৰ প্ৰতি অধিক আগ্ৰ্হী কৰি তুলিছে। আমি সাধাৰণতে দেখা পাওঁ যে, বহুতো লোকে ম’বাইল গেম অথবা ছাটিং কৰি সময় অতিবাহিত কৰে। দুৰ্ভাগ্যৱশত: বহুতো অভিভাৱকে এইটো বুজি নেপায় যে এইবোৰ কাৰ্য্যত যদি তেওঁলোকৰ সন্তান ব্যস্ত থাকে ইয়ে তেওঁলোকক কেতিয়াবা বিপদতো পেলাব পাৰে। আনকি ভাৰততো বহুতো অভিভাৱকে এইটো নাজানে যে তেওঁলোকৰ সন্তানে ইন্টাৰনেটত, কিদৰে কি কৰি সময় অতিবাহিত কৰে।
আজি ইণ্টাৰনেটৰ বহল প্ৰচাৰৰ কথা লক্ষ্য ৰাখি ব্যক্তিগত তথ্য সুৰক্ষাৰ কথাটো শিক্ষাৰ্থীসকলে বুজাটো দৰকাৰ।
শিক্ষাৰ্থীৰ গোপনীয়তা ভ্ংগ হোৱাৰ সম্ভাৱনা কিছুমান অনলাইন কাৰ্য্যবিধি:
  • যেতিয়া বিভিন্ন অনলাইন প-পত্ৰ, গেম আদি ডাউনলোড কৰা হয়।
  • ই-মেইল পঞ্জীয়ন আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিভিন্ন ব্যক্তিগত তথ্য।
  • যেতিয়া বিনামূলীয়া গেম ডাউনলোড কৰোতে পঞ্জীয়ন কৰা হয়।
  • চ’চিয়েল নেটৱৰ্কিং চাইটত পঞ্জীয়ন মুহুৰ্তত যোগান ধৰা ব্যক্তিগত তথ্যৰ দ্বাৰা।
গোপনীয়তা:
কিছুমান ৱেবচাইটতে শিক্ষাৰ্থীক বিভিন্ন আৱশ্যকীয় ব্যক্তিগত তথ্য বিচাৰে যেনে, ঘৰৰ ঠিকনা, টেলিফোন ন্ং আদি। কিছুমান ৱেবচাইটৰ গ্ৰহণযোগ্যতাৰ ওপৰত ভিত্তি কৰি এই তথ্যবোৰ প্ৰদান কৰিব লাগে। অনলাইন মাধ্যমত ইণ্টাৰনেটত নিজৰ গোপনীয় তথ্য প্ৰদান কৰিলে শিক্ষাৰ্থীয়ে ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব লগাত পৰে যেন spam ই-মেইল আদি অপ্ৰয়োজনীয়ভাৱে লাভ কৰিব পাৰে। গোপনীয়তা সুৰক্ষাৰ বিষয়টোও শিক্ষাৰ্থীয়ে নিজে তৈয়াৰ কৰা ৱেবচাইট তথা এই ৱেবচাইট প্ৰকাশ কৰাৰ ওপৰতো জড়িত হৈ আছে। যিকোনো নিজৰ ছবি বা তথ্য এবাৰ ইন্টাৰনেট প্ৰকাশ পালে কোনো দুষ্ট ব্যক্তিয়ে ইয়াক বেয়া ৰূপতো ব্যৱহাৰ কৰিব পাৰে।
পেয়াৰ টু পেয়াৰ নেটৱৰ্কি
পেয়াৰ টু পেয়াৰ নেটৱৰ্ক হ’ল এনে এক নেটৱৰ্ক ব্যৱস্থা য’ত দুটা বা তাতোকৈ কম্পিউটাৰৰ মাজত তথ্যৰ আদান প্ৰদান কৰিব পাৰে বিনা চেন্ট্ৰ্ল চাৰ্ভাৰৰ অবিহনে। এই পেয়াৰ টু পেয়াৰ নেটৱৰ্ক ব্যৱস্থাৰ এটা প্ৰধান অসুবিধা হ’ল ইয়াৰ অসংগঠিত ৰূপ তথা আন্ত:সংযোগ ব্যৱস্থা যিয়ে ভাইৰাছৰ দ্বাৰা ক্ষতি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
অলাগতিয়াল চফটৱেৰৰ দ্বাৰা কম্পিউটাৰ ক্ষতি হোৱাৰ সম্ভাৱনা:
এই পেয়াৰ টু পেয়াৰ ফাইল sharing নেটৱৰ্কিং ব্যৱস্থাত বিশেষ একো সুৰক্ষাৰ ব্যৱস্থা নাথাকে। যদি ব্যৱহাৰ কৰোঁতাজনে ভালদৰে ইয়াৰ ব্যৱহাৰৰ সম্যক জ্ঞান নাথাকে তেনেহ’লে তেওঁৰ হাৰ্ডডিক্সত তথা তথ্য ফাদিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
কম্পিউটাৰ ভাইৰাছ লগত যোগাযোগ:
তাৰোপৰি এই কম্পিউটাৰ পেয়াৰ টু পেয়াৰ চফটৱেৰৰ ব্যৱহাৰকাৰীয়ে কোনো তথ্য বা স্ংগীত অচিনাকী সুত্ৰৰ পৰা ডাউনলোড কৰিলে ই ভাইৰাছে স্ংক্ৰমন কৰাৰ সম্ভাৱনা বাঢ়ি যায়। এইবোৰ ভাইৰাছে কম্পিউটাৰটো সচল ৰূপত চলাত অসুবিধা প্ৰদান কৰে।
কপিৰাইট উলংঘাকাৰী কাৰ্য্য
বিভিন্ন ছবি, সংগীত আদি পেয়াৰ টু পেয়াৰ চফটৱেৰ যোগেদি কপিৰাইট আইন উলংঘা হোৱা দেখা যায়। বিভিন্ন কপিৰাইট উপাদান আনৰ পৰা চুৰি কৰি বে-আইনীভাৱে কম্পিউটাৰত উপলব্ধ কৰাটো আইনমতে দণ্ডনীয় কাৰ্য্য বুলি গণ্য কৰা হয়। তাৰোপৰি কোনো উপাদান বে-আইনীভাবে Download কৰাকো আইনমতে দণ্ডনীয় হ’ব।
বিদ্যালয়ৰ কম্পিউটাৰ ইন্টাৰনেটৰ গতি যদি হ্ৰাস হোৱা দেখা যায়:
বিদ্যালয়ত যদি কোনো কম্পিউটাৰৰ ইন্টাৰনেটৰ ব্যৱহাৰ বহু বিশাল নথি পত্ৰ আদি Download কৰা কাৰ্য্যত কৰা হয় তেতিয়া ইন্টাৰনেটৰ গতি যথেষ্ঠ হ্ৰাস হোৱা দেখা যায় গোটেই বিদ্যালয়ৰ নেটৱৰ্ক এলেকাৰ ভিতৰত। এই কাৰ্য্য বিদ্যালয় চৌহদৰ ইন্টাৰনেটৰ গতি হ্ৰাস কৰে।

পেয়াৰ টু পেয়াৰ নেটৱৰ্কৰ কিটিপ:



§  আপোনাৰ কম্পিউটাৰ তথ্যৰ আদান-প্ৰ্দান কৰাৰ আগতে পৰিশ্ৰুত চফটৱেৰ দ্বাৰা পৰিশ্ৰুত কৰি লওঁক।
§  সদায় আপোনাৰ অপাৰেটিং চফটৱেৰ আপডেট কৰিব লাগে।
§  সদায় আপোনাৰ এন্টি ভাইৰাছ চফটৱেৰ আপডেট কৰাওঁক।
  • প্ৰশাসনিক একাউণ্টৰ সলনি সাধাৰণ একাউণ্ট খুলি কম্পিউটাৰ ব্যৱহাৰ কৰিব লাগে। ইয়ে তথ্যপাতি সুৰক্ষা প্ৰদান কৰে পেয়াৰ টু পেয়াৰ চফটৱেৰ নেটৱৰ্কত।
  • প্ৰথমতে যিকোনো ডাউনলোড কৰা নথি পত্ৰ ভালদৰে নিৰীক্ষণ কৰক।
  • যিকোনো কম্পিউটাৰৰ তথ্য-পাতি ভালদৰে পুনৰুদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি ৰাখিব লাগে। ইয়ে যিকোনো তথ্য-পাতি পুনৰুদ্ধাৰত সহায় কৰে।
  • যিকোনো চুৰি চফটৱেৰ ব্যৱহাৰ কৰিব নালাগে।ই বে-আইনী কাৰ্য্য।





উৎস: তথ্য সুৰক্ষাৰ শিক্ষা আৰু সজাগতা।
ইন্টাৰনেটৰ বিষয়ে ভালদৰে জানক Know About Internet Reviewed by Mypaisa on August 16, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.