Top Ad unit 728 × 90

Breaking News

random

Save Income Tax from HBL ঘৰ সাজক আৰু আয়কৰ বচাওক


ঘৰ সাজক আৰু আয়কৰ বচাওক

শীতকাল অহাৰ লগে লগে গৃহ নিৰ্মাণ প্ৰকল্পবোৰ আৰম্ভ হয়। ইয়াৰ প্ৰধান কাৰণ- শীতকালি বৰষুণৰ হেঁচা কম। আগৰ দিনত মানুহে অৱসৰ কালতহে গৃহ নিৰ্মাণ কৰিছিল। আজিকালি গৃহ নিৰ্মাণ বা গৃহ কিনাৰ ব্যৱস্থা কৰে ডেকা মানুহখিনিয়ে। আগেয়ে আজিকালি গৃহ নিৰ্মাণ হয় বেংকৰ ধনেৰে। বেংক ধন ওভোতাই দিব পৰা ক্ষমতা নিৰ্ণয় কৰি টকা ধাৰে দিয়ে গ্ৰাহকক। সেই ধনেৰে গ্ৰাহকে ঘৰ নিৰ্মাণ কৰিব পাৰে। গ্ৰাহকৰ দৰমহা আৰু চাকৰিৰ কালৰ ওপৰত নিৰ্ভৰ কৰি গৃহ নিৰ্মাণৰ বাবে ঋণ দি থাকে। চাকৰি কৰা বা ব্যৱসায় কৰা মানুহেহে ঋণ ল’ব পাৰে। অৱসৰৰ পিছত বেংকে সাধাৰণতে মানুহক ঋণ নিদিয়ে।
বেংকে গ্ৰাহকক সাধাৰণতে ঋণ দিয়ে গৃহ নিৰ্মাণৰ আঁচনিৰ ৮০ ভাগ পৰ্য্যন্ত। বাকী ২০ ভাগ টকা ‘ডাউন পেমেন্ট’ হিচাপে নিজে দিব লাগিব। গতিকে ডেকা মানুহখিনিয়ে প্ৰথমে চাকৰি কৰি বা ব্যৱসায় কৰি অলপ অলপকৈ ধন সাঁচি, এই প্ৰথমে দিবলগীয়া ধন গোটাওক। তাৰ পিছত ঋণ লওক বেংকৰ পৰা বা জীৱন বীমা নিগমৰ পৰা। মনত ৰাখিব আপুনি ‘যিমান লাখ ঋণ’ হিচাপে লয় ২০ বছৰৰ বাবে প্ৰতিমাহে ‘সিমান হেজাৰ’ মাহে ঋণ শোধ কৰিব লাগিব। গতিকে হিচাপ কৰক যে আপুনি মাহে সিমানখিনি টকা দিব পাৰিবনে নাই? অৰ্থাৎ ২০ লাখ টকাৰ ঋণ ল’লে ২০ বছৰৰ বাবে মাহে ২০ হেজাৰকৈ শোধ কৰিব লাগিব-১০.৮৫% সুদত।
যদি স্বামী-স্ত্ৰী দুয়ো চাকৰিয়াল, তেনেহ’লে সদায় যাতে গৃহ ঋণ দুয়োৰো নামত লয়। তাৰ কাৰণ দুয়ো আয়কৰ ৰেহাই পাব। অৰ্থাৎ পৰিয়ালৰ আয়ৰ পৰা খৰচৰ মাত্ৰা কমি যাব। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে আয়কৰ ৰেহাই পাব পৰা যায়। গতিকে আমাৰ অনুৰোধ গৃহ ঋণ লোৱাৰ আগতে এজন বিত্তীয় পৰামৰ্শদাতা বা আয়কৰ পৰামৰ্শদাতাৰ লগত কথা পাতক। সকলো কথা খুলি তেওঁক কওক। তেওঁ বুজাই ক’ব কিমান আয়কৰ ৰেহাই আপুনি পাব পাৰে।
সঞ্জীৱ ভৰালীয়ে এতিয়াও বিয়া কৰোৱা নাই। তেওঁ ব’ম্বেত বসবাস কৰে। চাকৰি কৰে এটা বেচৰকাৰী প্ৰতিষ্ঠানত। তেওঁ ভাৰাঘৰত থাকে। অলপতে ভৰালীয়ে বেংকৰ পৰা ঋণ লৈছে এটা ঘৰ কিনিবলৈ। ঘৰটো নিৰ্মাণ হৈ আছে গুৱাহাটীত। তেওঁ মহা সংকটত পৰিছে আয়কৰ ফৰ্ম ভৰাওঁতে। তেওঁ ঘৰভাড়া আৰু গৃহ ঋণ দুয়োটাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব নে নোৱাৰে? আয়কৰ আইনে কি কয়? আয়কৰ আইনমতে সঞ্জীৱে ঘৰভাড়া অৰিহণা যিহেতু তেওঁ ভাড়াঘৰত থাকে আৰু গৃহ ঋণৰ সুবিধা দুয়োটা সুবিধা গ্ৰহণ কৰিব পাৰিব। এই কথাষাৰ সাধাৰণতে বেছিভাগ কৰদাতাই নাজানে।
এতিয়া আমি বিচাৰ কৰো আহক কি কি পৰিস্থিতিত কেনেধৰণৰ ‘আয়কৰৰ ৰেহাইৰ সুবিধা’ সৰ্বসাধাৰণ ৰাইজে পাব পাৰে।
১) আপুনি যদি নিজৰ ঘৰত থাকে, তেতিয়া হ’লে আপুনি গৃহ ঋণ ল’লে HRA Claim কৰিব নোৱাৰিব। কিন্তু আপুনি আয়কৰৰ সুবিধা মূল আৰু সুদ পৰিশোধৰ ওপৰত পাব। দুয়োৰে ওপৰত পাব।
২) আপুনি যদি গুৱাহাটীত থাকে, কাৰণ একেখন চহৰত গৃহ ঋণ লোৱা ঘৰটো সম্পূৰ্ণ হোৱা নাই, তেনেহ’লে আপুনি HRA সুবিধা পাব আৰু যেতিয়ালৈ সেই ঋণ লোৱা ঘৰটোত সোমাব নোৱাৰে তেতিয়ালৈ মূলধনৰ ওপৰতহে আয়কৰৰ সুবিধা পাব। যেতিয়া ঘৰটো নিৰ্মাণ সম্পূৰ্ণ হ’ব তেতিয়া সুদৰ ওপৰতো আয়কৰ ৰেহাইৰ সুবিধা পাব।
৩) যদি একেখন চহৰত ঋণ লোৱা ঘৰটো বহু দূৰত হোৱা বাবে থাকিব নোৱাৰে, তেতিয়া ভাড়াঘৰত থকা বাবে HRA ৰ সুবিধা পাব। তদুপৰি নিজৰ ঘৰৰ ঋণৰ বাবে মূলধন আৰু সুদ দিয়াৰ ওপৰতো আয়কৰ ৰেহাই পাব।
৪) যদি আপুনি গৃহ ঋণ লৈ সজা ঘৰটো ভাড়াও দি নিজে এটা সৰু ঘৰ ভাড়া কৰি থাকে তেনেহ’লে HRA ৰ সুবিধা পাব। মূলধন আৰু সুদৰ ওপৰত আয়কৰৰ সুবিধা পাব। কিন্তু ঘৰ ভাড়া দিয়াৰ বাবদ যি টকা আপুনি পাব তাৰ ওপৰত আয়কৰ দিব লাগিব।
মনত ৰাখিব লাগিব যে সঞ্জীৱ ভৰালীয়ে HRA সুবিধা পাব আয়কৰ আইনৰ ধাৰা 10 (13A)Rule 2A ৰ মতে। কিন্তু গৃহ ঋণৰ সুবিধা পাব ধাৰা ৮০ চি (মূলধন পৰিশোধৰ বাবে) আৰু ধাৰা ২৪ মতে আয়কৰ ৰেহাই পাব। (সুদ পৰিশোধৰ বাবে)। গতিকে সঞ্জীৱে দুয়োটা ধাৰামতে আয়কৰ ৰেহাইৰ সুবিধা উপভোগ কৰিব পাৰিব। এটা কথা-গৃহ ঋণত আয়কৰৰ সুবিধা প্ৰচুৰ। সেয়েহে আমাৰ পৰামৰ্শ মানক-এজন চাৰ্টাৰ্ড একাউন্টেন্টৰ লগত কথা পাতি আয়কৰ ৰেহাই দিয়াটো বুজিবলৈ চেষ্টা কৰক। তাৰ পিচতহে গৃহ ঋণ লওক।




লিখক: গৌতম প্ৰসাদ বৰুৱা, অসমীয়া প্ৰতিদিন।
Save Income Tax from HBL ঘৰ সাজক আৰু আয়কৰ বচাওক Reviewed by Mypaisa on August 16, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.