Top Ad unit 728 × 90

Breaking News

random

অসমৰ তামোলৰ ঢকুৱাই দখল কৰিছে আন্তৰাষ্ট্ৰীয় বজাৰ

অসমৰ তামোলৰ ঢকুৱাই দখল কৰিছে আন্তৰাষ্ট্ৰীয় বজাৰ

‘বাহিৰত বৰচুবুৰীয়াৰ ফেৰ ভিতৰত তামোলৰ ঢকুৱাৰ বেৰ’। প্ৰযুক্তি নিৰ্ভৰ একবিংশ শতিকাৰ আজিৰ এই সময়ত শতাব্দী প্ৰাচীন সেই পুৰাতন যোজনা প্ৰায় বুলি প্ৰতিপন্ন কৰি তুলিছে আমাৰ সকলোৰে উপেক্ষিত সেই তামোলৰ ঢকুৱাই। তামোলৰ ঢকুৱাইও আজি নিশ্চিত কৰিব পাৰে ডাঙৰীয়াৰ বৰচুবুৰীয়াৰ ফেৰ!
অসমীয়া জনজীৱন তথা সংস্কৃতিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা আমাৰ তামোলবাৰীখনে প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ আয়ৰ পথ নিশ্চিত কৰি আহিছে-এয়া কোনো নতুন কথা নহয়। কিন্তু আয়ৰ পথ মুকলি কৰা অকল তামোলখিনিৰেই নহয়, তামোল গছৰ পেলনীয়া ঢকুৱাখিনিৰ পৰাও ‘ঢকুৱা প্লেট উদ্যোগ’ স্থাপন কৰি মুকলি কৰিব পাৰি উপাৰ্জনৰ এক আকৰ্ষণীয় পথ। সাম্প্ৰতিক সময়ত প্লাষ্টিকজাত কাপ-প্লেটে মানৱ স্থাস্থ্যলৈ বিপৰ্য্যয় কঢ়িয়াই অনাৰ বিপৰীতে তামোলৰ ঢকুৱাৰ পৰা উৎপাদন কৰা সুদৃশ্য তথা পৰিৱেশনযোগ্য এনেধৰণৰ কাঁহী-বাতিসমূহ জৈৱিকভাৱে পচনশীল, মানবিশিষ্ট, ৰাসায়নিক দ্ৰব্যমুক্ত, মাইক্ৰ’ৱেভ সহনশীল আৰু সকলোতকৈ ডাঙৰ কথা প্ৰকৃতি আৰু পৰিৱেশৰ বাবে অনুকূল। অকল সেয়াই নহয়, প্লাষ্টিক প্লেটৰ বিপৰীতে তামোলৰ পৰা সৃষ্টি কৰা এইসমূহ সামগ্ৰীৰ আছে এক দৃষ্টিনন্দন ৰূপ, যাৰ বাবে দেশীয় তথা আন্ত:ৰাষ্ট্ৰীয়া বজাৰত ইয়াৰ চাহিদা আৰু মূল্য দুয়োটাই অধিক।
তামোলৰ ঢকুৱাই বহন কৰা এনেধৰণৰ বিপুল সম্ভাৱনাৰ কথা আগত ৰাখিয়েই মাৰ্ঘেৰিটাৰ ‘এসম এগ্ৰি’ নামৰ এটি সংস্থাই ৰাজ্যখনত তামোলৰ ঢকুৱাভিত্তিক উদ্যোগ স্থাপনেৰে গ্ৰামাঞ্চলত নিয়োগৰ সুবিধা সৃষ্টি কৰাত বাটকটীয়াৰ দায়িত্ব পালন কৰি প্ৰশংসাৰ পাত্ৰ হৈছে। ‘অসম এগ্ৰি’ৰ এই প্ৰচেষ্টাত মুখ্য সহযোগীৰ ৰূপত অৱতীৰ্ণ হৈছে ‘অসম এগ্ৰি’ৰেই ভগ্নী সংগঠন ‘তামোল প্লেট মাৰ্কেটিং প্ৰাইভেট লিমিটেড আৰু ‘এৰেকানাট লিফ প্লেট প্ৰ’ডিউচাৰ্চ অৱ আচাম’ নামৰ আন দুটি বেচৰকাৰী সংস্থা। তামোলৰ ঢকুৱাৰ পৰা উৎপাদিত এই পণ্য সামগ্ৰীসমূহৰ বিপণনৰ সমগ্ৰ কাম-কাজ চোৱা-চিতা কৰে ‘তামোল প্লেট মাৰ্কেটিং প্ৰাইভেট লিমিটেড’। এতিয়ালৈকে এই সংস্থাৰ অধীনত ৰাজ্যখনত এশটাতকৈও অধিক তামোলৰ ঢকুৱাভিত্তিক উদ্যোগ স্থাপন কৰা হৈছে আৰু ২৫০০ কৈও অধিক তামোলৰ খেতি কৰা কৃষকে তামোলৰ ঢকুৱাৰ পৰা অতিৰিক্ত আয় কৰিবলৈ সক্ষম হৈছে। আন এটা উল্লেখযোগ্য খবৰ-পেলনীয়া সামগ্ৰী হিচাপে বিবেচিত তামোলৰ ঢকুৱা ক্ৰয় কৰাৰ বাবদ এই সংস্থাই এতিয়ালৈকে ৫০ লাখ টকাতকৈও অধিক ধন কৃষকলৈ আগবঢ়াইছে।
‘অসম এগ্ৰি’ৰ প্ৰতিষ্ঠাপক বিশ্বজিৎ বৰদলৈৰ পৰা জানিব পৰা মতে প্ৰতিটো তামোলৰ ঢকুৱাভিত্তিক এনে ক্ষুদ্ৰ উদ্যোগে প্ৰত্যক্ষভাৱে ২৫-৩০ জন লোকলৈ বিভিন্ন দিশেৰে নিয়োগৰ সুবিধা আগবঢ়াব পাৰে। ক্ষুদ্ৰ উদ্যোগটোৰ সৈতে জড়িত সকলোবোৰ খৰচ বাদ দি গ্ৰাম্য ঔদ্যোগীজনে প্ৰথম বছৰটোতেই উপাৰ্জন কৰিব পাৰে প্ৰায় ৯০ হাজাৰ টকা। পৰৱৰ্তী বছৰবোৰত এই উপাৰ্জন বৃদ্ধি পায়। আনহাতে প্ৰতিটো উদ্যোগলৈ কেঁচা সামগ্ৰী অৰ্থাৎ তামোলৰ ঢকুৱা যোগান ধৰাৰ বাবে প্ৰায় ২০ জন যোগানকাৰীয়ে এপ্ৰিল মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত কমেও ১০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে বুলি বিশ্বজিৎ বৰদলৈয়ে জনালে। বৰদলৈৰ মতে যদিহে অসমৰ তামোলবাৰীসমূহৰ ৩০ শতাংশ ঢকুৱাও সংগ্ৰহ কৰিব পৰা যায়, তেনেহ’লে ইয়াৰ আধাৰত ৰাজ্যখনত তিনিহাজাৰ এনে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব পৰা যায়। এয়াও নিশ্চয় এক উৎসাহজনক খবৰ। এক শক্তিশালী বিপণন আন্ত:গাঁথনি থকা ‘অসম এগ্ৰি’ৰ এই সামগ্ৰীসমূহে ইতিমধ্যেই দেশৰ লগতে বিদেশৰ বজাৰতো প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
উৎপাদনৰ পৰা বিপণনলৈ বিভিন্ন পৰ্য্যায়:
কেঁচামাল (ঢকুৱা)সংগ্ৰহ-কেঁচামাল শুকোৱা-নিৰ্দিষ্ট আকাৰত শুকান কেঁচামাল মজুতকৰণ-কেঁচামাল পৰিষ্কাৰকৰণ-প্লেট উৎপাদন-মান নিয়ন্ত্ৰণ-পেকেজিং-বিপণনৰ বাবে তামোল প্লেট মাৰ্কেটিং প্ৰাইভেট লিমিটেডলৈ যোগান-বিপণন।
তামোলৰ ঢকুৱাভিত্তিক এনে এটি উদ্যোগ স্থাপনৰ বাবে মাটি আৰু ঘৰৰ মূল্য বাদ দি প্ৰয়োজন হয় ১ লাখ ৫০ হাজাৰ টকা। ইয়াৰ ভিতৰত যন্ত্ৰপাতিৰ মূল্যই হ’ল ১ লাখ ৫ হাজাৰ টকা। উদ্যোগ স্থাপনৰ বাবে বেংকৰ পৰা ঋণ পোৱাৰ সুবিধা আছে।



উৎস: কৃষি বিভাগ, অসম

N.B.: PLEASE COMMENT IF YOU LIKE THIS ARTICLE
অসমৰ তামোলৰ ঢকুৱাই দখল কৰিছে আন্তৰাষ্ট্ৰীয় বজাৰ Reviewed by Mypaisa on August 16, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.