Top Ad unit 728 × 90

Breaking News

random

প্ৰধানমন্ত্ৰী উজ্জ্বলা আচঁনি: Pradhan Mantri Ujjwala Yojana


প্ৰধানমন্ত্ৰী উজ্জ্বলা আচঁনি:

পৰিচয়:



প্ৰধানমন্ত্ৰী উজ্জ্বলা আচঁনি হল ভাৰত চৰকাৰৰ গেছ  আৰু প্ৰাকৃতিক মন্ত্ৰালয়ৰ দ্বাৰা ৰুপায়িত এক আচঁনি যত দেশৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা মহিলাসকলক বিনামুলীয়া ৰন্ধন গেছ সুবিধা প্ৰদান কৰা হব।

আৱশ্যকতা:



সাধাৰনতে দেখা যায় যে ভাৰতবৰ্ষৰ দুখীয়া শ্ৰেনীৰ সাধাৰন নাগৰিকসকল ৰন্ধন গেছৰ সুবিধাৰ পৰা বঞ্চিত।এই ৰন্ধন গেছৰ প্ৰচলন তথা ইয়াৰ ব্যৱহাৰ ধনী শ্ৰেনীৰ নাগৰিকৰ মাজতেই সীমাৱদ্ধ থকা দেখা যায়।কিন্ত দেখা গৈছে যে ঘৰৱা ৰন্ধন প্ৰকৰনৰ ক্ষেত্ৰত দুখীয়া শ্ৰেনীৰ মাজত প্ৰচলিত কাঠখড়ি ব্যৱহাৰ আৰু ইয়াৰ পৰা নিৰ্গত ধোৱাই ভয়ানক স্বাস্থ্যজনিত ৰোগৰ সৃষ্টি কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বছৰি প্ৰায় ৫ লাখ ভাৰতীয় লোকৰ মৃত্যুৰ মুখ্যকাৰন হল অস্বাস্থ্যকৰ ৰন্ধন প্ৰনালী ব্যৱস্থা তথা ইয়াৰ পৰা নিৰ্গত ধোৱা।এই প্ৰভাৱৰ ফলত আগতীয়া মৃত্যুবৰন কৰা ৰোগবোৰ হল বিভিন্ন হৃদয়জনিত ৰোগ,ষ্ট্ৰোক,হাওঁফাও কেঞ্চাৰ ইত্যাদি।দেখা যায় বহুতো শিশুৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ মুখ্যকাৰন হল এই ঘৰৰ ভিতৰৰ উৎপন্ন হোৱা অস্বাস্থ্যকৰ বায়ু প্ৰদূষন।বিশেষজ্ঞ অনুসৰি ৰান্ধনি শালত মুকলি জুই আৰু ইয়াৰ পৰা উৎপন্ন্ন ধোৱাৰ পৰিমান ৪০০ টা চিগাৰেটেৰ পৰা সৃষ্টি হোৱা অস্বাস্থ্যকৰ ধোৱাৰ সমান যি স্বাস্থ্যপক্ষে অতি অনিষ্টকৰ।
দুখীয়া শ্ৰেনীক যোগান ধৰা এই ৰন্ধন গেছেই সমগ্ৰ দেশত এক উমৈহতীয়া ব্যৱস্থাক সামৰি লৱ যত দেশৰ সকলো শ্ৰেনীৰ নাগৰিক এই ৰন্ধন গেছৰ সুবিধা লাভ কৰিব।এই আঁচনি আৰু ব্যৱস্থাই দেশৰ নাৰী জাতিক সৱল কৰি তুলিব আৰু তেওঁলোকৰ স্বাস্থ্য ৰক্ষা কৰিব।তাৰোপৰি এই ৰন্ধন গেছ প্ৰদানৰ ব্যৱস্থাই গাওঁ অঞ্চলত এক নিয়োগৰ বাতাবৰন সৃষ্টি কৰিব যত গাওঁৰ লৰা-ছোৱালীয়ে নিয়োগ হব পাৰিব।

নিৰ্বাচিত হিতাধিকাৰি:



এই আচঁনিৰ অধীনত সমগ্ৰ দেশতে ৫ কোটী ৰন্ধন গেছ দুখীয়া শ্ৰেনীৰ নাগৰিকক প্ৰদান কৰা হব।এই আচঁনিৰ হিতাধিকাৰী সকলৰ নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ লগত পৰামৰ্শ কৰি প্ৰকৃত হিতাধিকাৰীক নিৰ্বাচিত কৰা হব।
এই আচঁনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সেইসকল নাগৰিকক গন্য কৰা হব যিসকল গাওঁৰ নাগৰিকক ২০১১ চনৰ আৰ্থ-সামাজীক জাতি লোকপিয়লৰ সমীক্ষাৰ  প্ৰকৃত বঞ্চিত জাতি বা নাগৰিক বুলি প্ৰমানিত কৰিছে।নগৰাঞ্চলত বসবাস কৰা দুখীয়া শ্ৰেনীৰ নিৰ্বাচনৰ ক্ষেত্ৰত অন্য নিৰ্দেশাৱালী প্ৰস্তত কৰা হব।
এই আচঁনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীৰ ক্ষেত্ৰত কেৱল মাথো দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা পৰিয়াল তথা ব্যক্তিক প্ৰাধান্য দিয়া হব তথা বিশেষকৈ সমাজৰ পিছপৰা জাতিবোৰ আৰু দুৰ্বল শ্ৰেনীৰ নাগৰিকক গুৰুত্ব দিয়া হব।
এই আচঁনিৰ অধীনত প্ৰদান কৰিবলগীয়া ৰন্ধন গেছ দৰিদ্ৰ সীমাৰেখাৰ তলত বাসকৰা পৰিয়ালৰ মহিলা গৰাকীৰ নামত প্ৰদান কৰা হব।

এই আচঁনিৰ দীৰ্ঘ্যম্যায়ীদতা:



এই আচঁনি সমগ্ৰ দেশতে তিনিটা পৰ্য্যায়ত সম্পাদিত কৰা হব।প্ৰথম পৰ্য্যায় ২০১৬-১৭ চনত,দ্বিতীয় পৰ্য্যায় ২০১৭-১৮ চন তথা তৃতীয় পৰ্য্যায় ২০১৮-১৯ চনত ৰুপায়িত কৰা হব।

হিতাধিকাৰীৰ লাভলাভ:



এই আচঁনিৰ অধীনত ৫ কোটী ৰন্ধন গেছ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালক যোগান ধৰা হব।এই আচঁনিত দৰিদ্ৰ সীমাৰেখাৰ তলত বাসকৰা পৰিয়ালক ৰন্ধন গেছ সংযোগৰ নামত ১৬০০ টকা প্ৰদান কৰা হব।এই ৰন্ধন গেছ সংযোগৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা প্ৰশাসনিক খৰচ ১৬০০ টকা সম্পূৰ্ন চৰকাৰে বহন কৰিব যত এটা চিলিণ্ডাৰ,ৰেগুলেটৰ,সহায়ক হাতপুথি ইত্যাদি ইয়াত যোগান ধৰা হব।

এই আচঁনিৰ কাৰ্য্যকৰীকৰন ব্যৱস্থা:



১/ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মহিলা যাৰ ৰন্ধন গেছৰ সংযোগ নাই তেনে মহিলাই ৰন্ধন গেছৰ সংযোগৰ বাবে ওচৰৰ ৰন্ধন গেছ বিতৰন প্ৰতিষ্ঠানত আৱেদন কৰিব লাগিব।
২/ এই আৱেদন পত্ৰৰ লগত মহিলা সকলে আধাৰ নম্বৰ,জন ধন বেংক একাউণ্ট ইত্যাদিৰ তথ্য জমা দিব লাগিব।
৩/ৰন্ধন গেছৰ ক্ষেত্ৰ অধ্যয়ন বিষয়াই হিতাধিকাৰিৰি আৱেদন পত্ৰ ২০১১ চনৰ আৰ্থ-সামাজিক লোকপিয়ল প্ৰতিলিপিৰ লগত পৰীক্ষা কৰি তেওঁলোকৰ স্থিতি জানি লৈ হিতাধিকাৰীৰ নাম ঠিকনা আদি OMC ৱেৱ পৰ্টেলত লগিন হৈ পঞ্জিয়ন কৰাব।
৪/এই ৰন্ধন গেছৰ সংযোগ OMC দ্বাৰা নিৰুপিত কৰা হব প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন কৰাৰ পিছত।
৫/OMC বিভিন্ন অঞ্চলত এই ৰন্ধন গেছৰ বিতৰনৰ মেলা আয়োজন কৰিব যত দুখীয়া শ্ৰেনী লোকক ৰন্ধন গেছ প্ৰদান কৰা হব  যত সেই অঞ্চলৰ বিশিষ্ট ব্যক্তিক আমন্ত্ৰিত কৰি উক্ত অনুষ্ঠান সম্পাদন কৰিব।
৬/এই আচঁনিৰ অধীনত হিতাধিকাৰীয়ে ভিন্ন পৰিমানৰ চিলিণ্ডাৰ লাভ কৰিব যেনে ১৪,২কিলো,৫কিলো ইত্যাদি।
৭/এই আচঁনিয়ে দেশৰ পিছপৰা পাহাৰীয়া সকলো ৰাজ্য অসমকে ধৰি নাগালেণ্ড,মিজোৰাম,ত্ৰিপুৰা,মনিপুৰ,হিমাচল প্ৰদেশ,মেঘালয় আদি ৰাজ্যৰ ওপৰত বিশেষ প্ৰাধান্য দিয়া হৈছে যাতে সেই অঞ্চলত দুখীয়া পিছপৰা নাগৰিকসকল এই আচঁনিৰ অধীনত অধিক লাভাম্বিত হয় ।
৮/এই আচঁনিৰ বিষয়ে অধিক তথ্য জানিবলৈ এই টোলফি নম্বৰত যোগাযোগ কৰিব পাৰে(১৮০০২৩৩৩৫৫৫ অথবা ১৯০৬)



উৎস: http://www.pmujjwalayojana.in/
প্ৰধানমন্ত্ৰী উজ্জ্বলা আচঁনি: Pradhan Mantri Ujjwala Yojana Reviewed by Mypaisa on August 16, 2017 Rating: 5

No comments:

Contact Form

Name

Email *

Message *

Powered by Blogger.